ভাস্কৰজ্যোতি মহন্ত

নাজিৰা : প্ৰতি বছৰৰ দৰে এই বছৰো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা শিক্ষক দিৱসৰ লগত সংগতি ৰাখি নাজিৰাত গুৰু সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত। নাজিৰাৰ জ্যেষ্ঠ শিক্ষাবিদ বীৰেন শৰ্মা আৰু যদু দত্তক ঘৰত গৈ গুৰু সম্বৰ্ধনা জনায় নাজিৰা আঞ্চলিকৰ বিষয়ববীয়াসকলে।

কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ উপদেষ্টা তথা শিৱসাগৰ জিলা সমিতিৰ সমাজসেৱা সম্পাদক ভাস্কৰজ্যোতি মহন্ত, সাংগঠনিক সম্পাদক অভিজিত গগৈ, নাজিৰা আঞ্চলিকৰ ভাঃ সম্পাদক হিমাংশু দত্ত, সাংগঠনিক সম্পাদক যাদৱজ্যোতি বড়াকে ধৰে আন সদস্যসকল উপস্থিত থাকে। আনফালে শিক্ষাবিদ দেবানন্দ দত্তৰ উদ্যোগত ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত বুদবাৰী সত্ৰত অৱস্থিত ইণ্টেলেক্ত শিক্ষাৰ্থী প্ৰশিক্ষণ চেণ্টাৰত শিক্ষক দিৱস আয়োজন কৰে।

কভিড’ প্ৰট’কল মানি আয়োজন কৰা এই শিক্ষক দিৱসৰ অনুষ্ঠান সমবেত সংগীতেৰে শুভাৰম্ভ কৰে শিক্ষাৰ্থীসকলে। নিলাক্ষী দত্ত বৰুৱাই আঁতধৰা অনুষ্ঠানটিত শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱাৰ লগতে কৃতি শিক্ষাৰ্থীসকলকো অভিনন্দন জনোৱা হয়। উক্ত অনুষ্ঠানটিত নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক ড° জীৱন কলিতা, বিশিষ্ট লেখিকা প্ৰণিতা দত্ত, স্থানীয় যুৱক ভাস্কৰজ্যোতি মহন্ত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই। উক্ত অনুষ্ঠানতে শিক্ষাৰ্থীসকলে গীত মাত, নৃত্য আদি প্ৰদৰ্শন কৰে।