আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হজৰিকা

শিৱসাগৰ : শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ চুইফট ডিজাইয়াৰত অহা ৫ জনীয়া ডকাইতৰ দলৰ ট্ৰাক চালকক বৰ্বৰ আক্ৰমণ৷ চোকা অস্ত্ৰৰ আক্ৰমণত আহত ট্ৰাক চালক৷ চুইফট সহ গৌৰৱ গগৈ নামৰ এজন ডকাইতক আটক৷ চাৰিজন ডকাইতৰ পলায়ন। হত্যাৰ উদেশ্যেৰে ট্ৰাক চালকক অপহৰণৰ চেষ্টা ডকাইতৰ দলৰ।

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জেঙনিকটীয়া বাইপাছত শনিবাৰে নিশা ৯ বজাত এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হয়৷ এখন চুইফট ডিজায়াৰ গাড়ীত অহা পাঁচজনীয়া ডকাইতৰ দলৰ আক্ৰমণত আলতাফ হুছেইন নামৰ এজন বৰপেটাৰ নিৱাসী ট্ৰাক চালক গুৰুতৰভাৱে আহত হয়৷

প্ৰাপ্ত খবৰ মতে শিৱসাগৰৰ পৰা চাহপাত বোজাই কৰি এএছ-০১-ইবি-৯৪২৫ নম্বৰৰ ট্ৰাকখন গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়তেই ট্ৰাকখনক পিছে পিছে অনুসৰণ কৰি যোৱা এএছ-০১-জিচি-৩৯৯২ নম্বৰৰ চুইফট গাড়ীখনে ট্ৰাকখন বাইপাছ পেট্ৰল ডিপোৰ সন্মুখতেই আগ ভেটী ধৰে৷ ইয়াৰ পিছতেই চোকা অস্ত্ৰৰ ভাবুকিৰে ট্ৰাকৰ চালকৰ পৰা ধন লুটিবলৈ চেষ্টা কৰে ডকাইতৰ।দলে৷

ট্ৰাক চালক আলতাফ হুছেইনে ধন আদায় নিদি চিঞৰ বাখৰ কৰাত ডকাইতৰ দলটোৱে চালকজনক চোকা অস্ত্ৰৰে আক্ৰমণ চলায়৷ দলটোৱে সাক্ষ্য প্ৰমাণ নষ্ট কৰাৰ উদেশ্যেৰে চালকজনক আহত অৱস্থাতেই চুইফটখনত তুলি হত্যাৰ উদেশ্যেৰে অপহৰণৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়৷ ট্ৰাক চালকজনৰ চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ ওলাই অহাত ডকাইতৰ দলটোৱে গাড়ী এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

অৱশ্যে গৌৰৱ গগৈ নামৰ এজন ডকাইতক ৰাইজে আটক কৰে।ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত ট্ৰাক চালকজনক চিকিৎসালয়লৈ নিয়াৰ লগতে গৌৰৱ গগৈ নামৰ ডকাইতজনক নিজৰ জিম্মাত লয়। আৰক্ষীয়ে অন্য ডকাইত কেইটাক বিচাৰি অভিযান তীব্রতৰ কৰি তুলিছে৷