জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ প্ৰেক্ষাগৃহত দেওবাৰে উদযাপন কৰা হয় ৬০ সংখ্যক শিক্ষক দিৱস। বিশ্বনাথ জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ উদ্যোগত আৰু জিলাখনৰ সমূহ শিক্ষক সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা এই ৬০ সংখ্যক শিক্ষক দিৱসৰ অনুষ্ঠানত জিলাখনৰ বহু সংখ্যক শিক্ষকক সম্বৰ্ধনাও জনোৱা হয়। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণব জ্যোতি শৰ্মাই।

সভাত অতিৰিক্ত উপায়ুক্ত সূৰ্য কমল বৰা, বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুণা কান্ত ভট্ট, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডিন ডঃ ৰমেন বৰ্মন, জিলা প্ৰকল্প শিক্ষা বিষয়া মনোজ গোহাঁই , ডায়েটৰ প্ৰবক্তা ৰাজ মিৰণ দলে আদিয়ে অংশ গ্ৰহণ কৰে।অনুষ্ঠানত আদৰণি ভাষণ দিয়ে বিশ্বনাথ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কৰুণা কান্ত ভট্টই। উদ্দেশ্য ব্যাখ্যা কৰে বিশ্বনাথ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পৰেশ বৰাই।

অনুষ্ঠানত জিলা পৰ্যায়ত কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত ৩৭ গৰাকী শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। বৃক্ষ ৰোপণ কৰে নুৰুল ইছলাম, অৰুণিমা দাস, গোলাম ৰচুল আলী, অধিবিদ্যা পৰিষদৰ কুশল বৰা, দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন শইকীয়াই।

ইয়াৰ পূৰ্বে ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যপন কৰে বিশ্বনাথৰ বিধয়াক প্ৰমোদ বৰঠাকুৰে। এই উপলক্ষে চন্দ্ৰ লুইটেলৰ সম্পাদনত প্ৰকাশিত স্মৃতি গ্ৰন্থ উন্মোচন কৰে ছয় দুৱাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ মাধৱ বৰাই।