গুৱাহাটী, সংবাদ ৩৬৫, ১ জুনঃ নাগৰিকত্ব নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আহ ৭ জুনৰ পৰা ৰাজ্য চৰকাৰ মিত্ৰজোঁটৰ দল অসম গণ পৰিষদে বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত ৰাজ্যজুৰি ৰূপায়ন কৰিব শঙ্খনাদ। অহা ৭ জুনত বঙাইগাঁও জিলাৰ পৰা অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰম্ভ কৰিব শঙ্খনাদ। গুৱাহাটীৰ আমবাৰীস্থিত অগপৰ মুখ্য কার্যলায়ত শুক্ৰবাৰে এক সংবাদ মেলৰ আয়োজন কৰি পশ্চিম গুৱাহাটীৰ বিধায়ক তথা অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে অগপ দলে কেতিয়াও এই বিতৰ্কিত বিধেয়ক খন মানি নলয় আৰু চৰকাৰে এই বিধেয়কখন বাতিল কৰিব লাগিব। হিন্দু-মুছলমানৰ নামত বিদেশীক লৈ ৰাজনীতি কৰি কাকো ৰাজনৈতিক মুনাফা লুটিবলৈ দিয়া নহ’ব। এইখন শঙ্কৰ-আজানৰ ৰাজ্য, ইয়াত সাম্প্ৰদায়িকতাৰ স্থান নাই বুলিও সকিয়াই দিয়ে অগপৰ নেতা গৰাকীয়ে। অহা ৭ জুন তাৰিখে বঙাইগাঁৱত অগপৰ শঙ্খনাদ কাৰ্যসূচীত দলৰ সকলো কৰ্মী, শুভাকাঙ্খী, বিশিষ্ট লোকে ৰাজপথলৈ ওলাই আহি অসম বিৰোধী ষড়যন্ত্ৰকাৰী সকলৰ বিৰুদ্ধে শঙ্খ, দবা, কাঁহ, তাল বজাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ হুংকাৰ দিব। অগপৰ এই প্ৰতিবাদী কাৰ্যসূচী পৰৱৰ্তী সময়ত ৰাজ্যৰ সকলো জিলা আৰু সদৰতো ৰূপায়ন কৰা হ’ব বুলি জানিবলৈ দিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।