আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৯ ডিচেম্বৰ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক শৰৎ হাজৰিকাই অনুষ্ঠানিকভাৱে ত্যাগ কৰিলে ছাত্ৰ সন্থা। প্ৰায় ৩০ টা বছৰ শিৱসাগৰ জিলা ছাত্ৰ সন্থাক নেতৃত্ব প্ৰদান কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক গৰাকীয়ে অনুষ্ঠানিকভাৱে ত্যাগ কৰে ছাত্ৰ সন্থা।

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰে হোৱা এক মত বিনিময় অনুষ্ঠানত ছাত্ৰ সন্থা ত্যাগ কৰাৰ কথা ঘোষণা কৰে শৰৎ হাজৰিকাই। ছাত্ৰ সন্থাক নেতৃত্ব দিয়া এই দীঘলীয়া যাত্ৰাত তেওঁৰ বিভিন্ন সময়ত সহায় সহযোগীতা আগবঢ়োৱা জেষ্ঠ্য-কণিষ্ঠ সকলো সাংবাদিকক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ভৱিষ্যতেও শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বক সহায় সহযোগীতা আগবঢ়াই যাবলৈ সাংবাদিক সকলক অনুৰোধ জনায় শৰৎ হাজৰিকাই। মত বিনিময় অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড০ সৌমাৰজ্যোতি মহন্ত, সাধাৰণ সম্পাদক ইনামূল হাজৰিকা, জিলা সাংবাদিক সন্থাৰ সভাপতি সুমেশ ডেকা, সম্পাদক জয়জ্যোতি গগৈ, ড০ উৎপল দত্ত, সাংবাদিক খলিলুৰ ৰহমান হাজৰিকা, অতু বৰা, অনন্ত স্মিথ, মুজাহিদ আলি, ফিৰোজ আহমেদ, মুক্তাৱ হুছেইন, ভৈৰৱ মুণ্ডা, ৰাতু কুমাৰ দাস, মুস্তাকুৰ ৰহমান আদিকে ধৰি বহু সাংবাদিক উপস্থিত থাকে।

অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা গৰাকীয়ে প্ৰতিগৰাকী সাংবাদিকক একোখনকৈ ফুলাম গামোচাৰে কৃতজ্ঞতা জনায়। অনুষ্ঠনাত সাংবাদিক সকলৰ লগতে ছাত্ৰ সন্থাৰ বহু সদস্য উপস্থিত থাকে।