কুন্দৰ ভৰালী

নগাঁও

১০ জুলাই

নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ। নগাঁৱত নিচা জাতীয় সমগ্ৰীৰ প্ৰচলনৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল। ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত নগাঁৱত নিচা জাতীয় সমগ্রীৰ বেহাৰ লগতে তীৰৰ বেহা চলি থকাৰ অভিযোগ আছুৰ।

নগাঁও জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিচা জাতীয় সমগ্ৰীৰ বেহাৰ লগতে তীৰৰ বেহা। বিভিন্ন সময়ত নগাঁও আৰক্ষীয়ে নিচা জাতীয় সমগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণ নিচা জাতীয় সমগ্ৰী জব্দ কৰাৰ লগতে এই অবৈধ বেহাৰ লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। নিচা জাতীয় সমগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে যিমানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সিমানে এই অবৈধ বেহা বৃদ্ধি পাইছে জিলাখনত। নিচা জাতীয় সমগ্ৰীৰ কবলত পৰি নগাঁও জিলাৰ যুৱ প্ৰজন্ম এক অন্ধকাৰ পথেৰে আগুৱাই গৈছে নিজৰ জীৱনটোক ধ্বংস কৰিবলৈ। ইতিমধ্যে নগাঁৱত বহু যুৱক-যুৱতী নিচা জাতীয় সমগ্ৰীৰ সেৱৰ ফলত অতি কম বয়সতে মৃত্যুৰ মুখত পৰাও দেখিবলৈ পোৱা গৈছে। নিচাৰ কবলত পৰা জিলাখনৰ যুৱক-যুৱতী সকলক ৰক্ষা কৰাৰ বাবে এইবাৰ প্ৰতিবাদ কৰিব লগাত পৰিল সদৌ অসম ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে জিলাখনত নিচা জাতীয় সমগ্ৰীৰ প্ৰচলন বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছাত্ৰ সন্থাৰ সদস্য সকলে এক মানৱ শৃংখল কাৰ্যসুচীৰে নিচা জাতীয় সমগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁৱত ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত বিভিন্ন নিচা জাতীয় সমগ্ৰীৰ অবৈধ বেহা, আৰু জিলাখনৰ বিভিন্ন অঞ্চলয় ড্ৰাগছৰ ঘাটি গঢ়ি উঠাৰ লগতে তীৰৰ বেহাও ব্যাপক হাৰত বৃদ্ধি পোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নগাওঁ জিলা ছাত্ৰ সন্থাৰ সদস্য সকলে।

উল্লেখ্য যে, বুধবাৰে নগাঁও চহৰৰ এগৰাকী পোন্ধৰ বছৰীয়া ছাত্ৰীৰ ড্ৰাগছ সেৱনৰ ফলত মৃত্যু ঘটাৰ পিছতে জিলাখনত নিচা জাতীয় সমগ্ৰীৰ প্ৰচলন বন্ধৰ দাৱী সৰৱ হৈ উঠিছে আছু। আনহাতে আছুৱে জিলাখনৰ বিভিন্ন অঞ্চলত থকা তীৰৰ ঘাটি সমূহো উৎখাত কৰাৰ দাবী জনাইছে। কিছুদিন পূৰ্বে নগাঁৱত তীৰৰ বেহাৰ লগত জড়িত ৭ জনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই ৭ জন লোকৰ ভিতৰত এখন লোক বিজেপি কর্মী আছিল বুলিও জানিব পৰা গৈছে।