কুন্দন ভৰালী

নগাঁও

১০ জুলাই

নগাঁও জিলত কঠোৰ হৈছে নগাঁও আৰক্ষী আৰু জিলা প্ৰশাসন। কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধকলৈ পূৰ্বতকৈ অধিক কঠোৰ হ’বলৈ বাধ্য হৈছে নগাঁও আৰক্ষী আৰু জিলা প্ৰশাসন। বিশেষকৈ মাস্ক পৰিধান নকৰাকৈ ওলাই অহা লোক সকলক ৰেহাই দিয়া নাই নগাঁও আৰক্ষীয়ে।

বিশ্বৰ অন্যান্য দেশ সমূহৰ তুলনাত ভাৰতত অধিক ভয়াবহ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছে কৰ’ণা ভাইৰাছ। অসমতো প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। বিশেষকৈ গুৱাহাটী মহানহৰীত প্ৰতিদিনে শ শ লোক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’বলৈ ধৰিছে। গুৱাহাটীৰ লগতে নগাঁও জিলাটো কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। নগাঁও জিলাত এই পৰ্যন্ত কৰ#ণা ভাইৰাছত আক্রান্ত ৰোগীৰ সংখ্যা হৈছে ৯৩৬ গৰাকী। ইয়াৰ পিছতো জিলাখনত কৰ’ণা ভাইৰাছকলৈ সজাগ আৰু সচেতন হোৱা নাই একাংশ লোক। নগাঁও জিলাৰ বাট-পথ, বজাৰ-হাটত মাস্ক পৰিধান নকৰাকৈ বহু লোক ওলাই অহা দেখিবলৈ পোৱা যায়। নগাঁও চহৰৰ লগতে বিভিন্ন অঞ্চলত আৰক্ষী-প্ৰশাসনৰ লোকে ৰাইজৰ ভিৰ নিয়ন্ত্ৰণ আৰু সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰিবলৈ মাইক যোগে ঘোষণা কৰি আহিছে যদিও বহু লোক এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা পৰিলক্ষিত শৈশৱ। জিলাখনত এতিয়াও বহু লোক সজাগ আৰু সচেতন নোহোৱাত আৰক্ষী আৰু প্ৰশাসন তৎপৰ আৰু কঠোৰ হৈ শুক্ৰবাৰে আৰক্ষীয়ে দোকানে দোকানে প্ৰৱেশ কৰি মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান চলায়।

অভিযান কালত মুখত মাস্ক পৰিধান নকৰাকৈ ওলাই অহা লোক সকলক আৰক্ষীয়ে জৰিমনা বিহিলে ৫০০ টকাকৈ।এতিয়া নগাঁওবাসী অধিক সৱধান হোৱাৰ সময়, কাৰণ মুখত মাস্ক নাথাকিলে ভৰিব লাগিব ৫০০ টকাৰ জৰিমনা।