কলগাছিয়া : কলগাছিয়াৰ খাৰবাল্লী আৰু সুতিৰপাথাৰ গাঁৱত বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়া। নিশাৰ ভিতৰতে বেকী নদীৰ বুকুত জাহ গ’ল ১০ টাকৈ পৰিয়ালৰ বাসস্থানৰ লগতে গাৱলীয়া বজাৰ। বেকী নদীৰ গৰাখহনীয়াৰ ফলত ভাবুকিৰ সন্মুখীন হৈছে দুখনকৈ চৰকাৰী বিদ্যালয়। শীঘ্ৰে বেকী নদীৰ তাণ্ডৱ ৰোধ কৰিবলৈ চৰকাৰৰ প্ৰতি ৰাইজৰ আহ্বান।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ মাজেৰে বৈ যোৱা বেকী নদীৰ কাতি মহীয়া বাঢ়নি পানীৰ ফলত সৃষ্টি হোৱা প্ৰবল সোঁতত খাৰবাল্লী আৰু সুতিৰপাথাৰ গাঁৱত আৰম্ভ হৈছে ভয়ংকৰ গৰাখহনীয়াৰ। নিশাৰ ভাগত হঠাতে বেকী নদীৰ জলস্থৰ বৃদ্ধি পোৱাত আৰম্ভ হয় গৰাখহনীয়াৰ তাণ্ডৱ। চকুৰ পলকতে বেকী নদীৰ প্ৰবল সোঁতত নদীৰ বুকুত জাহ যায় খাৰবাল্লী গাঁৱৰ ৰুহুল আমিন, সাইৰুল ইছলাম, মাকমিদুল ইছলাম, ছানোৱাৰ হুছেইন, আকছেদ আলীৰ ঘৰ। গৰাখহনীয়াৰ ফলত বাসস্থান হেৰুৱাই মুক্ত আকাশৰ তলত নৈশ যাপন কৰিব লগীয়া হৈছে উক্ত পৰিয়াল সমূহে।

ইপিনে সুতিৰপাথাৰতো একে ধৰণে আৰম্ভ হৈছে বেকী নদীৰ কালৰূপী গৰাখহনীয়া। উল্লেখ্য যে, ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয় আৰু চৰ আমগুৰী এলপি স্কুলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই। খাৰবাল্লী মডাৰ্ণ বজাৰৰ একাংশ ইতিমধ্যে বেকী নদীৰ বুকুত জাহ গৈছে। ভুক্তভোগী পৰিয়ালে পুনৰ সংস্থাপনৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।