কলগাছিয়া : এখন বিদ্যালয়ৰ প্ৰতি আহি পৰিছে ভাবুকি। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়খন ৰক্ষা কৰাৰ দাবী জনাইছে। কলগাছিয়াৰ সোণাপুৰত প্ৰতিবাদত নামিল এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। বেকী নদীৰ গৰাখহনীয়াৰ পৰা নিজ বিদ্যালয়খনক ৰক্ষা কৰাৰ দাবীত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী সকল।

গৰাখহনীয়া ৰোধ কৰক, আমাৰ বিদ্যালয়খন ৰক্ষা কৰক, আমাৰ দাবী মানিবই লাগিব আদি শ্ল’গানেৰে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ। কাতি মহীয়া বেকী নদীৰ বাঢ়নী পানীত ইতিমধ্যে ২০ টাকৈ পৰিয়ালৰ বাসস্থান নদীৰ বুকুত জাহ যোৱাৰ পিছত সম্প্ৰতি এখন বিদ্যালয়ৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত অৱস্থান কৰিছে বেকী নদী।

বেকী নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই অনা এই বিদ্যালয়খন হৈছে বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত সোণাপুৰ গাঁৱৰ হাজী কিয়াফত আলী এম ই মাদ্ৰাছা। উল্লেখ্য যে, বিগত কেইবাবছৰ ধৰি বেকী নদীৰ গৰাখহনীয়াই জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত তাণ্ডৱ চলাই হেজাৰ হেজাৰ পৰিয়ালৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান উছন কৰিছে।

সম্প্ৰতি কাতি মহীয়া বেকী নদীৰ বাঢ়নী পানীৰ ব্যাপক গৰাখহনীয়া অব্যাহত থকাৰ ফলত বিদ্যালয়খন গৰাখহনীয়াৰ কৱলত পৰাৰ আশংকাৰ সৃষ্টি হোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে চৰকাৰক অতি শীঘ্ৰে বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি বিদ্যালয়খন ৰক্ষা কৰাৰ দাবী জনাইছে।