মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২৯ চেপ্টেম্বৰ

বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত গোসাইগাঁও জিলা বিএছইউ আৰু ইউথ বিপিএফৰ প্ৰতিবাদী সমদল। অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উতলা কৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ লগতে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান।

বিটিচিৰ পৰিষদীয় নিৰ্বাচন অতি সোনকালে অনুষ্ঠিত কৰাৰ দাবীত মঙলবাৰে গোসাইগগাঁও জিলা বিএছইউ আৰু ইউথ বিপিএফয়ে এক প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰে। বিএছইউ আৰু যুব বিপিএফৰ শতাধিক কৰ্মকৰ্তাই সমদল উলিয়াই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই মহকুমাধিপতিক স্মাৰক পত্ৰও প্ৰদান কৰে৷ বিপিএফ দলৰ গোসাইগাঁও জিলা বিপিএফৰ বিএছইউ আৰু বিপিএফৰ যুব গোটৰ উদ্যোগত পুৱা ১০ বজাত নিজ কাৰ্যালয় প্ৰাঙ্গনৰ পৰা সমদল উলিয়াই মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী কাৰ্যসুচীত ইলেকশ্যন আমাক লাগিবই, অতি শীঘ্ৰে ইলেকশ্যন অনুষ্ঠিত কৰক, বিপিএফ জিন্দাবাদ আদি শ্লগানেৰে প্ৰতিবাদকাৰী সকলে পৰিস্থিতি উত্তাল কৰি তোলে৷ কাৰ্যসুচীৰ অন্তত বিপিএফৰ জিলা ইউথ সমিতিৰ সভাপতি নৰপতি ব্ৰহ্মই মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যিক নিৰ্বাচন আয়োগৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰেৰন কৰে৷

উল্লেখ্য যে সোমবাৰেও বিটিচিৰ নিৰ্বাচন পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত গোসাইগাঁৱ জিলা মহিলা বিপিএফ কৰ্মীয়ে এক প্ৰতিবাদী সমদল উলিয়াইছিল। নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰো প্ৰদান কৰিছে বিপিএফ দলে।