কুন্দন ভৰালী

নগাঁও

২৯ ছেপ্টেম্বৰ

আধাৰ কাৰ্ডৰ নামত চৰম হাৰাশাস্তি নগাঁৱত। ধন নিদিয়াৰ বাবেই নিশা পৰ্যন্ত অপেক্ষা কৰিও বহু লোক আবেদন কৰিব নোৱাৰিলে আধাৰ কাৰ্ডৰ।

আধাৰ কাৰ্ডৰ আবেদন কৰিবলৈ গৈ নগাঁৱত চৰম হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হৈছে বহু লোক। নগাঁও জিলা পৰিষদ কার্যলায়ত থকা আধাৰ কাৰ্ড কেন্দ্ৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আধাৰ কাৰ্ডৰ আবেদন কৰিবলৈ আহি ৰাইজ সন্মুখীন হৈছে হাৰাশাস্তিৰ। কেৱল ধন নিদিয়াৰ বাবেই নিশা পৰ্যন্ত থকা প্ৰায় শতাধিক লোকক আধাৰ কাৰ্ডৰ আবেদন নকৰাকৈ উভতাই পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে আধাৰ কাৰ্ডৰ দায়িত্বত থকা লোক সকলৰ বিৰুদ্ধে। আনকি কোলাত কণমানি সন্তান লৈয়ো কৰ’ণাকালৰ এই ভয়াবহ সময়ত নিশা পৰ্যন্ত একাংশ মহিলাই আধাৰ কাৰ্ড কেন্দ্ৰৰ বাহিৰত বহি থাকিবলগীয়া হৈছে একমাত্ৰ আধাৰ কাৰ্ডৰ বাবে। ৰাইজে আধাৰ কাৰ্ডৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হ’ব লগীয়া হোৱাত স্থানীয় একাংশ ৰাইজে আধাৰ কাৰ্ডৰ দায়িত্বত থকা লোক সকলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।

আধাৰ কাৰ্ডৰ নামত কেৱল নগাঁও জিলাতে নহয় ৰাজ্যৰ বহু অঞ্চলত ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈছে। নামনি অসমৰ গোৱালপাৰা জিলাৰ ভিতৰুৱা অঞ্চল সমূহৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বহু অঞ্চলত ৰাইজ আধাৰ কাৰ্ডৰ নামত চৰম হাৰাশাস্তি ভোগ কৰা পৰিলক্ষিত হৈছে।