বৰষুণ দিলেই শ্ৰেণীকোঠাত সোমায় পানী

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৮ মাৰ্চ: বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত খেল্লী ফজৰ আলী মেমৰিয়াল প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকল বঞ্চিত হৈছে শিক্ষা গ্ৰহণৰ বাবে প্ৰয়োজনীয় নূন্যতম সুবিধাৰ পৰা। দৈনিক শতাধিক কণ কণ ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিবলৈ এইখন বিদ্যালয়লৈ আহে যদিও বিদ্যালয়খনৰ অৱস্থা দেখিলে এনে অনুভৱ হয় যেন এইখন বিদ্যালয় নহয়, এখন গোহালিহে। এই গোহালি সদৃশ্য বিদ্যালয় খনত এজাক বৰষুণ দিলেই টিনাপাতৰ মাজেৰে সোমাই আহে পানী। বিদ্যালয়খনৰ বেৰসমূহৰ অৱস্থাও অতিকৈ দুখলগা, ভঙা তৰ্জাৰ বেৰৰ মাজেৰে অহা-যোৱা কৰিব পাৰি শিক্ষাৰ্থী সকল। ১৯৮৫ চনত স্থাপন হোৱা এই বিদ্যালয়খনত এবছৰ পূৰ্বে ৰান্ধনী ঘৰ নিৰ্মাণ কৰা হৈছিল যদিও বিদ্যালয়খনত নাই কোনোধৰণ শৌচাগাৰৰ ব্যৱস্থা। বিদ্যালয়ত শিক্ষাৰ্থীৰ অনুপাতে আছে মাত্ৰ দুজন শিক্ষক কিন্তু প্ৰধান শিক্ষক জহেৰুল ইছলামক এনআৰচি’ৰ কামত নিয়োগ কৰাত আব্দুৰ ৰশ্বিদ নামৰ সহ শিক্ষকজনেই ৫ টাকৈ শ্ৰেণীত অকলেই পাঠদান কৰিবলগীয়া হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে শিক্ষাৰ্থীসকলৰ শিক্ষা গ্ৰহণৰ বাবে উপযুক্ত পৰিবেশ গঢ়ি তোলাৰ বাবে বিদ্যালয়খনৰ বেৰ সমূহ পকীকৰণৰ লগতে শৌচাগাৰ নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। এতিয়া প্ৰশ্ন হল ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ কথা কোৱা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৃপদৃষ্টি পাৰিবনে এই বিদ্যালয়খনৰ ওপৰত?