ৰঙিয়া, সংবাদ ৩৬৫, ১৮ মাৰ্চ: ৫০ বছৰ পিছত ৰঙিয়াৰ এজন ব্যক্তি ঘূৰি আহিলে নিজৰ ঘৰত। ঘৰ এৰি যোৱা ব্যক্তিজনক ৫০ বছৰ পিছত দেখা পাই আবেগিক হৈ পৰে পৰিয়ালৰ সদস্য সকল। ৰঙিয়াৰ কাজিগাঁৱৰ প্ৰয়াত হাফিজ আলীৰ পুত্ৰ আফাজ আলীয়ে ৫০ বছৰ পূৰ্বে সপ্তম শ্ৰেণীৰ পঢ়ি থকা অৱস্থাত নিজ পিতৃ মাতৃৰ লগতে তিনি ভাতৃ অৰু ভগ্নীক কাজিগাঁৱত এৰি তিনিচুকীয়া জিলাৰ লিডুলৈ গুচি গৈছিল। সময়ৰ সোঁতত আফাজ আলীয়ে নিজৰ ৰঙিয়াৰ পিতৃ মাতৃ আৰু ভাতৃ ভগ্নী সকল পাহৰি লিডুতে সংসাৰ পাতি থাকিবলৈ লয়। কিন্তু যোৱা শনিবাৰে আফাজ আলী পত্নী পুত্ৰসহ হঠাৎ আহি উপস্থিত হয় নিজৰ কাজিগাঁৱৰ বাসগৃহত। ৫০ বছৰ পিছত আফাজ আলীক দেখা পাই আবেগিক হৈ চকু পানী নিগৰি আহে আফাজৰ ভাতৃ সকলৰ লগতে পৰিয়ালৰ সদস্যসকলৰ। পৰিয়াল এৰি লিডুলৈ গুচি যোৱা আফাজ আলীৰ যোৱা শুক্ৰবাৰে ভগ্নী আৰু ভতিজাকৰ লগত মিলন ঘটে লিডুৰ এক এনআৰচি পুনিৰীখন কেন্দ্ৰত। লিগেছী ডাটাৰ সত্যনিৰূপনৰ বাবে আফাজ আলীৰ লগতে আফাজ আলীৰ ৰঙিয়াত থকা ভাতৃ আৰু ভগ্নীলৈ লিডুৰ এনআৰচি পুনিৰীখন কেন্দ্ৰই কেন্দ্ৰটোত উপস্থিত হবলৈ জাননী প্ৰেৰণ কৰাত ভগ্নী আৰু ভতিজাকৰ লগত আফাজ আলীৰ মিলন ঘটে। ভগ্নী আৰু ভতিজাকৰ লগত লিডুত মিলন ঘটা আফাজ আলীৰ নিজৰ কাজিগাঁও গৃহৰ পূৰ্বৰ স্মৃতিয়ে আবেগিক কৰি তোলাত নিজ পত্নী আৰু পুত্ৰক লৈ ঘূৰি আছে নিজৰ গৃহলৈ। ৫০ বছৰে পৰিয়ালৰ লোকে আফাজ আলীৰ মৃত্যু হোৱা বুলি ভাবি থকাৰ পিছত হঠাৎ আফাজ আলীক দেখা পাই কান্দোনত ভাঙি পৰে। এইদৰে এনআৰচি’ৰ বাবে এজন ব্যক্তিৰ ৫০ বছৰ পিছত পৰিয়ালৰ লগত মিলন হোৱা ঘটনাই ৰঙিয়াত বেছ চৰ্চা লাভ কৰিছে।