গুৱাহাটী
২২ ছেপ্টেম্বৰ

ধাৰাসাৰ বৰষুণৰ মাজতে মহানগৰীৰ পানবাৰীত এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈছে এটি বনৰীয়া হাতীৰ পোৱালিয়ে। সোমবাৰে নিশাৰ ভাগৰে পৰা বৰষুণত তিতি আছে হাতীৰ পোৱালিটো। বন বিভাগে হাতীৰ পোৱালিটোক উদ্ধাৰ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

মহানগৰীৰ চন্দ্ৰপুৰৰ পানবাৰীত এটি প্ৰায় এমহীয়া বনৰীয়া হাতী পোৱালি এঘৰ মানুহৰ ঘৰত আশ্ৰয় লোৱাৰ ঘটনা দেখিবলৈ পোৱা গৈছে। জানিব পৰা মতে সোমবাৰে নিশা পানবাৰীৰ গাৰো গাঁৱৰ এঘৰ মানুহৰ ঘৰত বনৰীয়া হাতী পোৱালিটো প্ৰৱেশ কৰিছিল। সোমবাৰে নিশাৰ ভাগত ধাৰাসাৰ বৰষুণৰ মাজতে বনৰীয়া হাতীৰ পোৱালিটো মানুহৰ ঘৰত প্ৰৱেশ কৰিছিল। স্থানীয় ৰাইজে সন্দেহ কৰা মতে নিশা ভাগত আমচাং বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকৰ মাজৰৰ পৰা বিচ্ছিন্ন হৈ হাতীৰ পোৱালিটো মানুহৰ ঘৰত প্ৰৱেশ কৰিছে। হাতীৰ পোৱালিটো বৰ্তমানলৈকে বৰষুণত তিতিয়ে আছে যদিও এই মুহূৰ্ততলৈকে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বনৰীয়া হাতীৰ পোৱালিটোক খাদ যোগানৰ লগতে চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বন বিভাগৰ ফালৰ পৰা। অৱশ্যে গাঁৱৰ ৰাইজে বনৰীয়া হাতীৰ পোৱালিটোক খাদ্য যোগান ধৰিছে।

নিশাৰ ভাগৰে পৰা বৰ্তমানলৈকে বৰষুণত তিতি থকা বনৰীয়া হাতীৰ কণমানি পোৱালিটোক চিকিৎসা প্ৰদানৰ ব্যৱস্থাৰ বন বিভাগ ঘোৰ নিদ্ৰাত মগ্ন হৈ থকা বুলি অভিযোগ উত্থাপন কৰি ৰাইজ ক্ষোভিত হৈ পৰিছে। চিকিৎসাৰ অভাৱত যিকোনো মুহূৰ্তত হাতীৰ পোৱালিটোৰ বিপদ ঘটিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে ৰাইজে। উল্লেখ্য যে চন্দ্ৰপুৰৰ বিভিন্ন অঞ্চলত প্ৰায়ে খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক আমচাং অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা পৰিলক্ষিত হয়।