কাঠমাণ্ডু, সংবাদ ৩৬৫, ১২ মাৰ্চ: নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সোমবাৰে দুপৰীয়া ইউএছ বাংলাদেশ অভিমুখী এখন যাত্ৰীবাহী বিমান দুর্ঘটনাগ্ৰস্ত হয়। দুর্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৬৭ গৰাকী যাত্ৰী আছিল আৰু ইয়াৰে বৰ্তমানপৰ্যন্ত ৩৮ গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ২৮ গৰাকী যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে। নিহত যাত্ৰী সকলৰ মাজত ১০ জন যাত্ৰীক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই। কাঠমাণ্ডুৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত সকলোবোৰ বিমানৰ প্ৰস্থান আৰু আগমন বন্ধ কৰি দিয়া হৈছে।