গুৱাহাটী, ২৯ আগষ্টঃ আগন্তুক অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ পূৰ্বে বিটিচিৰ বাহিৰত থকা বড়ো কছাৰীসকলৰ পূৰ্ণাংগ বিল অনুমোদন কৰি বড়ো কছাৰীসকলক স্বায়ত্ব শাসন প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বড়ো গণ মঞ্চই৷ বড়ো গণ মঞ্চৰ উপ সভাপতি গাম্বাৰু মুছাহাৰীয়ে এক বিবৃতিত কয় যে, বিটিচিৰ বাহিৰত থকা বড়ো কছাৰীসকল উন্নয়নৰ কাৰণে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ২০১৬ চনৰ ১ জানুৱাৰীত বড়ো কছাৰী স্বায়ত্ব শাসন গঠনৰ ঘোষণা কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিটিচিৰ বাহিৰৰ বড়োসকলৰ উন্নয়নৰ কাৰণে কেবিনেটত সিদ্ধান্ত লোৱাৰ কাৰণে বিলো উত্থাপন কৰিছিল৷ কিন্তু চৰকাৰখনে এই ঘোষনা কাৰ্যকৰীকৰণৰ কাৰণে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে৷ যাৰ কাৰণে বিটিচিৰ বাহিৰত বসবাস কৰা ১০ লাখতকৈও অধিক লোক জাতীয় ভাষা সাহিত্য, কলা সংস্কৃতি, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশত পিছ পৰি থাকিবলগীয়া হৈছে৷ আনহাতে বর্তমানৰ চৰকাৰখনে বিষয়টো কি পর্যায়ত ৰাখিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত৷ বড়ো গণ মঞ্চই বিটিচিৰ বাহিৰৰ বড়োসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু জনজাতি দপ্তৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী বহ্মক বিধানসভাৰ আগন্তক শীতকালীন অধিবেশনত পূৰ্ণাংগ বিল অনুমোদন কৰি বড়ো কছাৰী স্বায়ত্ব শাসন পৰিষদৰ অন্তৱৰ্তীকালীন পৰিষদ গঠনৰ কাৰণে দাবী জনায়৷