নৱজ্যোতি বৰুৱা

চামগুৰি

১২ নৱেম্বৰ

নগাঁৱৰ ধাননি পথাৰত জাকে জাকে বনৰীয়া হাতী। পকা ধান খাই বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে পথাৰ। মূৰৰ ঘাম মাটিত পেলাই খেতিয়কে কৰা ধান খাইছে বনৰীয়া হাতীয়ে কিন্তু বনৰীয়া হাতীৰ জাক পথাৰত নামি অহাত উৎফুল্লিত প্ৰকৃতিপ্ৰেমী।

পকা ধাননি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱৰ দৃশ্য দেখি খেতিয়কৰ চকুলু নিগৰি অহাটো স্বাভাৱিক। মূৰৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰে খেতিয়কে কৰা ধান পকিবলৈ ধৰাত বনৰীয়া হাতীয়ে পথাৰৰ ধান খাই থকা দৃশ্য দেখি উৎফুল্লিত হৈছে প্ৰকৃতিপ্ৰেমী। নগাঁও জিলাৰ “হাতী বন্ধু”ৰ প্ৰচেষ্টা সফল হৈছে। অৱশেষত নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তবৰ্তী হাতীখলি ৰংহাঙ গাঁৱত হাতীৰ বাবে কৰা ধানৰ খেতিত সোমাই আহিছে জাক জাক বনৰীয়া হাতী। পকা ধান বনৰীয়া হাতীয়ে খাই থকাৰ দৃশ্য দেখি এতিয়া উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাৰ লগতে মেঘ্না ময়ূৰ হাজৰিকা। দীৰ্ঘদিনীয়া কষ্টৰ ফল পাইছে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাৰ লগতে মেঘ্না ময়ূৰ হাজৰিকাই। গুৱাহাটীৰ প্ৰদীপ ভূঞাৰ তৎপৰতাত “হাতী বন্ধু” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু মেঘ্না ময়ূৰ হাজৰিকাৰ উদ্যোগত বনৰীয়া হাতীৰ বাবে ২০০ বিঘা মাটিত ধান খেতি আৰু ৪০০ বিঘা মাটিত অন্যান্য খেতি কৰিছিল। প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু মেঘ্না ময়ূৰ হাজৰিকাই বনৰীয়া হাতীৰ বাবে কৰা খেতি পথাৰত এতিয়া আনন্দ মনেৰে ধান খাইছে বনৰীয়া হাতীৰ জাকে। ফলত ভৈয়ামৰ ৰাইজে শান্তিৰে চপাব পাৰিছে নিজৰ পথাৰৰ পকা ধান। হাতীৰ খাদ্যৰ বাবে ২০০ বিঘা ভূমিত বনৰীয়া হাতীয়ে পৰ্যাপ্ত পৰিমাণৰ খাদ্য পাই ভৈয়ামৰ পথাৰলৈ পূৰ্বৰ বছৰৰ দৰে নামি যোৱা নাই বনৰীয়া হাতীৰ জাক, ফলত মুখত হাঁহি বিৰিঙিছে কৃষক ৰাইজৰ।

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও-কাৰ্বি আংলং সীমান্তৰ অঞ্চল সমূহত ব্যাপক হাৰত বৃদ্ধি পাইছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। দিনক দিনে বনাঞ্চল সংকুচিত হৈ অহাৰ ফলত বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলাই থকাৰ লগতে অশেষ কষ্টৰে খেতি কৰা কৃষক ৰাইজৰ পথাৰৰ ধান খাই বনৰীয়া হাতীয়ে তহিলং কৰি আহিছে খেতি পথাৰ। প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু মেঘ্না ময়ূৰ হাজৰিকাৰ এই বিশেষ প্ৰচেষ্টাই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত লাঘৱ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।