আনিছুৰ আলী

গৌৰীপুৰ

১২ নৱেম্বৰ

গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত গেৰামাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উথাপিত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ৷ অভিযোগ অনুসৰি ২০১৯-২০২০ বৰ্ষত বিদ্যালয়খনৰ এখন অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই আৱণ্টন দিয়া ৫ লাখ ৩৭ হেজাৰ টকা আত্মসাৎ কৰিছে প্ৰধান শিক্ষক গৰাকীয়ে।

অভিযোগ অনুসৰি বিদ্যালয়খনৰ দূৰ্নীতি পৰায়ন প্ৰধান শিক্ষক আৱাল মজিদে শ্ৰেণী কোঠা নিৰ্মাণৰ বাবে অবন্টন দিয়া ৫ লাখ ৩৭ হেজাৰ টকাৰে পুৰণি গৃহ এটাৰ লগত সংলগ্ন কৰি চাৰিটা খুটা আৰু পকীবেৰ নিৰ্মান নকৰাকৈ আচঁনিৰ ধন আত্মসাৎ কৰিছে। আনহাতে বিদ্যালয়খনৰ চাৰি সীমাৰ পকীবেৰ নিৰ্মাণৰ বাবে অবন্টন দিয়া ১ লাখ ১০ হেজাৰ টকাৰে মাথোন লোৰ নেটেৰে নিৰ্মাণ কৰিছে এইখন দেৱাল৷ ৰাজহুৱা অভিযোগ মতে পকীবেৰ নিৰ্মাণৰ নামত মাথোন ২০ হেজাৰ টকাৰ কাম কৰি বাকী ধন প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে আত্মসাৎ কৰিছে। উল্লেখ্য যে,অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ চাৰিমাহে প্ৰধান শিক্ষক গৰাকীয়ে তথ্য ফলক আৰি দিয়া নাই। তথ্য গোপন কৰি আচনিৰ ধন আত্মাসাৎ কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলি শিক্ষক গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে একাংশ ৰাইজে। ইয়াৰোপৰি মধ্যাহ্ন ভোজনৰ চাউল আৰু ধন বিতৰণৰ ক্ষেত্ৰতো প্ৰধান শিক্ষক গৰাকীয়ে ব্যাপক অনিয়মৰ আশ্ৰয় লৈ ছাত্ৰ-ছাত্ৰী সকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে বুলিও একাংশই মন্তব্য প্ৰকাশ কৰে।

বিদ্যালয়খনত সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত স্থানীয় ৰাইজে ধুবুৰী জিলা উপযুক্ত, স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ইতিমধ্যে অভিযোগ দাখিল কৰিছে। ইফালে ৰাইজে অভিযোগ কৰাৰ পিছতো গৌৰীপুৰ শিক্ষাখণ্ড বিষয়া আবুল কালাম আহমেদে বৰ্তমানলৈকে অভিযোগৰ সত্যতা প্ৰমাণৰ বাবে বিদ্যালয়খনত পদাৰ্পন কৰা নাই। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য শনশীলতাৰ কথা কোৱা চৰকাৰখনৰ বিষয়া-কৰ্মচাৰী সকলে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো দুৰ্নীতিগ্ৰস্ত শিক্ষক গৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷