নলবাৰী, ১৫ ডিচেম্বৰঃ নলবাৰীৰ বৰমুৰিকোনাত পাগলদিয়া নৈত উদ্ধাৰ হৈছে এটা চুৰি এটিএম।ধুবুৰী আৰু নলবাৰী আৰক্ষীয়ে এছডিআৰএফৰ সহযোগত পাগলদিয়া নৈত অভিযান চলাই পৰিতক্ত অৱস্থাত উদ্ধাৰ কৰে এটা এটিএম।উল্লেখ্য যে যোৱা ২ ডিচেম্বৰত ধুবুৰী জিলাৰ কলেজ নগৰত এলাহাবাদ বেংকৰ এটা এটিএম দুৰ্বৃত্তই চোৰ কৰিছিল। ধুবুৰী আৰক্ষীয়ে এই এটিএম চুৰিৰ ঘটনাৰ লগত জড়িত এটি দহ জনীয়া চোৰৰ দলক গ্ৰেপ্তাৰ কৰি চোৰৰ দলৰ ভাষ্য মতে শুক্ৰবাৰে পালগদিয়া নৈত অভিযান চলাই এটিএমটো উদ্ধাৰ কৰে। ধৃত চোৰ কেইটাৰ ভিতৰত কাদেৰ আলী নামৰ চুৰজনৰ ঘৰ হাজোত বুলি জানিব পৰা গৈছে। ধুবুৰীত চুৰি হোৱা এটিএম নলবাৰীৰ পাগলদিয়া নৈত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰহ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।এই চুৰি কাণ্ডৰ লগত জৰিত চোৰৰ দলটোৰ আৰু বহু সদস্য আৰক্ষীৰ জালত পৰাৰ সম্ভৱনা আছে।