নগাঁৱৰ পৰা কুন্দন ভৰালী, সংবাদ ৩৬৫, ১০ জুন : এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ জি ডি হাস্পতালত। নগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত তিনিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ কাছমাৰীৰ হিৰণ্য বৰুৱা নামৰ লোকজনক।

নগাঁও জিলৰ কাছমাৰীৰ হিৰণ্য বৰুৱা নামৰ এজন লোকৰ বিষ-ফোঁহা হোৱাত তিনিদিন পূৰ্বে নগাঁৱৰ ব্যক্তিগত খণ্ডৰ জি ডি হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছিল। বিষ-ফোঁহাত আক্রান্ত হৰণ্য বৰুৱাৰ অতিপাত বিষ হোৱাৰ ফলত লোকজনৰ শৰীৰৰ তাপমাত্ৰা বৃদ্ধি পাবলৈ ধৰে আৰু লোকজন উশাহ-নিশাহ লোৱাত কষ্ট পাবলৈ ধৰে। হিৰণ্য বৰুৱাৰ অৱস্থা বেয়াৰ ফালে ঢাল খোৱা দেখি লোকজনক হাস্পতালৰ আই চি ইউত ভৰ্ত্তি কৰোৱা হয় যদিও আই চি ইউত কিছু সময়ৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰে লোকজনে। চিকিৎসকৰ ভুলৰ বাবেই হিৰণ্য বৰুৱা নামৰ লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি হিৰণ্য বৰুৱাৰ পৰিয়াল আৰু আত্মীয় সকলে চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

ঘটনাৰ খবৰ পাই হাস্পতালখনত আৰক্ষীৰ লোক আহি উপস্থিতিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। উল্লেখ্য যে, নগাঁও চহৰৰ এই ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে পূৰ্বতেও এনেধৰণৰ বহু অভিযোগ উত্থাপন হোৱাৰ লগতে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল।