বঙাইগাঁও, সংবাদ ৩৬৫, ১ মে’ : বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ চাৰিজনকৈ লোক কভিড-১৯ কৰুণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতে জিলাখনত বিৰাজ কৰিছে এক আতংকৰ পৰিবেশ। বিশেষকৈ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত পাচলি বিক্রেতা দীপক মল্লিক আৰু ববিতা বাছফোৰৰ স্বামী লতিফক লৈ শংকিত হৈ পৰিছে অভয়াপুৰীৰ ৰাইজ।

বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ পৰা আহিছিল এক বেয়া খবৰ। জিলাখনত এটা দিনতে চৰি গৰাকীকৈ লোকৰ শৰীৰত ধৰা পৰিছিল কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি।বঙাইগাঁও চহৰৰ ববিতা বাছফোৰ আৰু মীনা বিশ্বকর্মাৰ লগতে টিহুৰ সমীপৱৰ্তী ভাজেকুছি গাঁৱৰ অনুপম ঠাকুৰীয়া আৰু অভয়াপুৰীৰ নিকটৱর্তী আমগুৰিৰ বাসিন্দা দীপক মল্লিক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত বুলি সদৰি কৰিছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ববিতা বাছফোৰ চাফাইকর্মী আৰু অনুপম ঠাকুৰীয়া স্বাস্থ্যকর্মী হোৱাৰ বিপৰীতে দীপক মল্লিক শাক-পাচলি বিক্রেতা। জানিব পৰা মতে চাফাইকর্মী ববিতা বাছফোৰৰ স্বামী লতিফ আহমেদ অভয়াপুৰীৰ ৰৌমাৰীৰ বাসিন্দা। অভয়াপুৰী বজাৰৰ বিভিন্ন স্থানত আড্ডা দিয়া লতিফ দুদিন পূর্বে অভয়াপুৰী ৰৌমাৰী অঞ্চলৰ বাসিন্দা এগৰাকীৰ বিয়োগ ঘটাত তাতো উপস্থিত থকা বুলি চর্চিত হৈছে। অভয়াপুৰী নামা বজাৰ, গীতা হোটেলৰ সন্মুখ, চিনেমা হলৰ কাষত আদিত আড্ডা দিয়া লতিফ অভয়াপুৰীৰ বহু কেইজন লোকৰ সংস্পৰ্শলৈ অহাৰ আশংকা নুই কৰিব নোৱাৰি।

আনহাতে অভয়াপুৰী আমগুৰি দ্বিতীয় খণ্ডৰ হৰিপদ মল্লিকৰ পুত্র দীপক পূর্বতে কেৰালাত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। কেৰেলাৰ পৰা উভতি আহি দীপক গাঁৱত তাঁতশালত কাপোৰ উৎপাদন আৰু বিক্ৰীৰ লগত জড়িত হৈ পৰে। লক ডাউনৰ পিছত শেহতীয়াকৈ মল্লিক অভয়াপুৰী আৰু পার্শ্বৱর্তী অঞ্চলত শাক-পাচলি বিক্ৰী কৰিবলৈ লয়। জানিব পৰা মতে বিগত কিছুদিন ধৰি জ্বৰত ভুগি থকা মল্লিকক যোৱা ২৫ এপ্রিলত স্থানীয় আমগুৰি চিকিৎসালয়লৈ অনা হয়। কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত দীপক মল্লিক অভয়াপুৰী আৰু পার্শ্বৱর্তী উত্তৰ শালমাৰা, গাৰোৰ দোকান, ইকৰাবাৰী আদি অঞ্চলত পাচলি বিক্ৰী কৰাৰ লগতে বিভিন্ন স্থানত দীপক মল্লিক আড্ডা দিয়াৰ কথাও সর্বত্র চৰ্চিত হৈছে। পত্নী, দুই কণমানি পুত্র-কন্যা আৰু পিতৃ-মাতৃৰে দীপক মল্লিকৰ যৌথ পৰিয়াল থকা বুলিও জানিব পৰা গৈছে।

ইফালে হোম কোৱাৰেন্টাইনত নথকা মল্লিক মল্লিক আৰু ববিতা বাছফোৰৰ স্বামী লতিফৰ সংস্পৰ্শলৈ অহাক লৈ বঙাইগাঁও জিলাত শংকিত হৈ পৰিছে বহু লোক। যোৱা ২৫ এপ্রিলৰ নমুনা সংগ্রহৰ ক্ষেত্ৰত জড়িত থকা আশাকর্মী, এ এন এম আদিকে ধৰি স্বাস্থ্য বিভাগৰ অন্য কৰ্মীসকলে কেনেদৰে নিজকে সুৰক্ষিত কৰি ৰাখিছিল তাক লৈও প্রশ্ন উত্থাপিত হৈছে। এনে ক্ষেত্ৰত জিলাখনত স্বাস্থ্যকর্মীকে আদি কৰি বহুকেইজন লোক কোৱাৰেণ্টাইনলৈ অহাৰ সম্ভাৱনা আছে। প্রশাসনে সমগ্র বিষয়টো অধ্যয়ন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভয়াপুৰী তথা সমগ্র উত্তৰ শালমাৰা মহকুমাৰ লোকসকলক দিয়া নির্দেশৰ পাছতেই শংকামুক্ত হ’ব অঞ্চলটোৰ ৰাইজ।