গুৱাহাটী, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে অব্যাহত আছে লক ডাউন। লক ডাউনৰ সুযোগ লৈ নিশাৰ আন্ধাৰত সোণ আৰু নগদ ধন সৰবৰাহ অভিযান নামিল দুই ভাতৃ। ফটাশিল আৰক্ষীৰ চকু পৰিল দুই ভাতৃৰ ওপৰত, বৰ্তমান ৰঙা ঘৰৰ আলহী ‘ঝা’ ভাতৃ। ইয়াৰে শ্ৰৱণ কুমাৰ ঝাঁ ৰে’লৱে আৰক্ষীৰ নিলম্বিত উপ-পৰিদৰ্শক।

এফালে লক ডাউন আনফালে আন্ধাৰ নিশা, দুয়োৰে সুযোগ লৈ বুধবাৰে নিশা ১২ বজাত মহানগৰী গুৱাহাটীৰ লালগণেশৰ পৰা স্পেলেণ্ডাৰ বাইকত দুই ভাতৃৰ নগদ ধন আৰু সোণ সৰবৰাহৰ অভিযান। ফটাশিল আৰক্ষীয়ে এক গোপন সূত্ৰত পৰা পূৰ্বেই লাভ কৰিছিল এই সৰবৰাহৰ খবৰ আৰু সেই মতেই নাকা তালাচীত লক ডাউনৰ মাজতে এটা বাইকত দুজন আহি থকা দেখি আটক কৰে দুয়ো ভাতৃক। আৰক্ষীয়ে দুয়োৰে কবলৰ পৰা ২২ লাখ নগদ ধনসহ প্ৰায় ৭০ লাখ টকা মূল্যৰ ১.৫০ কেজি ওজনৰ ১০ খন সোণৰ বিস্কুট আৰু বহু সোণৰ অলংকাৰ উদ্ধাৰ কৰে। বৃহৎ পৰিমাণ নগদ ধন আৰু সোণৰ সৰবৰাহৰ লগত জড়িত ব্যক্তি দুজন হৈছে শ্ৰৱণ কুমাৰ ঝাঁ আৰু সঞ্জয় কুমাৰ ঝা। ইয়াৰে শ্ৰৱণ কুমাৰ ঝাঁ হৈছে ৰে’লৱে আৰক্ষীৰ নিলম্বিত উপ-পৰিদৰ্শক। উল্লেখ্য যে, শ্ৰৱণ কুমাৰ ঝাঁ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৪৫ লাখ টকাৰ সোণ আত্মসাৎ কৰি গ্ৰেপ্তাৰ হৈছিল আৰু যোৱা মাৰ্চ মাহত জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি লালগণেশৰ উপেন্দ্ৰ যাদৱ নামৰ এজন লোকৰ ঘৰত শ্ৰৱণ কুমাৰ ঝাঁ’ই আৰক্ষীয়ে উদ্ধাৰ কৰা নগদ ধন আৰু সোণ লুকুৱাই ৰাখিছিল আৰু বুধবাৰে নিশা নিবলৈ আহোঁতে আৰক্ষীৰ হাতত ধৰা পৰে। আৰক্ষীয়ে শ্ৰৱণ কুমাৰ ঝাঁ আৰু সঞ্জয় কুমাৰ ঝা’ক অধিক তথ্যৰ বাবে জেৰা চলাই আছে।