আজিজুল হক

বৰপেটা 

১২ অক্টোবৰ

জিঅ’ৰ নেটৱৰ্কে জলাকলা খুৱাইছে বৰপেটাৰ ভেল্লাৰ গ্ৰাহকক। ভেল্লাত বৃদ্ধি পাবলৈ ধৰিছে জিঅ’ৰ পৰা অইন নেটৱৰ্কলৈ পৰ্টইন কৰা উপভোক্তাৰ সংখ্যা। ৰাইজৰ অভিযোগক গুৰুত্ব নিদিয়ে জিঅ’কোম্পানীয়ে।

বৰপেটা জিলাৰ ভেল্লাত জিঅ’ই দীৰ্ঘদিন ধৰি গ্ৰাহকক জলাকলা খুৱাই থকাৰ বাবে অৱশেষত গ্ৰাহকে জিঅ’ৰ পৰা অইন নেটৱৰ্কলৈ পৰ্টইন কৰিছে নিজৰ ছিম। দীৰ্ঘদিন দেখা দিয়া জিঅ’ৰ অতি নিম্নমানৰ সেৱাত অতিষ্ঠ হৈ পৰা ভেল্লাৰ হেজাৰ হেজাৰ উপভোক্তাই জিঅ’ৰ পৰা অইন নেটৱৰ্কলৈ পৰ্টইন কৰিবলৈ বাধ্য হৈছে। ঘৰে ঘৰে জিঅ ছিমৰ ঠাইত এতিয়া ভেল্লাত দেখিবলৈ পোৱা যাব অইন নেটৱৰ্কৰ ছিম। জিঅ’ৰ অতি নিম্নমানৰ সেৱাৰ বাবে দীৰ্ঘদিন গ্ৰাহকে ব্যাপক অসুবিধা ও ক্ষতিৰ সন্মূখীন হ’ব লগা হৈছে। বিদ্যুৎ নাথাকিলে অলপো নেটৱৰ্ক নোপোৱাত বহু উপভোক্তাই বিমোৰত পৰিছে। বিদ্যুৎ থাকিলেও একেটা কল ১০ বাৰকৈ কৰ্তন হয়। টাৱাৰৰ গাতে প্ৰায় লাগি থকা উপভোক্তাইও জিঅ’ৰ নেটৱৰ্কক লৈ হাৰাশাস্তি খাব লগা হৈছে। টাৱাৰৰ পৰা এক কিলোমিটাৰ দূৰলৈকে উপভোক্তাই এডালো নেটৱৰ্ক ছিগনেল বিচাৰি নাপায়। ভেল্লাত নামতহে আছে টাৱাৰ, কামত নাই। জিঅ’ৰ নেটৱৰ্কৰ এনে দূৰবস্থাৰ বাবে অন্যান্য লোকৰ লগতে অনলাইন পৰীক্ষাৰ্থী, শিক্ষাৰ্থীসকলো ব্যাপক ক্ষতিৰ সন্মূখীন হ’ব লগা হৈছে। জিঅ’ৰ এনে ধৰণৰ সমস্যা সন্দৰ্ভত স্থানীয় সক্ৰিয় সাংবাদিক আজিজুল হকে বাৰে বাৰে বাতৰি পৰিবেশন কৰি আহিছে। কোম্পানীত কৰ্মৰত কৰ্মচাৰী, হেল্পলাইন নম্বৰৰ সৈতে উপভোক্তাইও অবগত কৰি আহিছে। তাৰ পিছতো কোম্পানী কৰ্তৃপক্ষৰ কোনো ধৰণৰ গুৰুত্ব নাই। ৰাইজৰ অভিযোগক মুঠেই কাণসাৰ নিদিয়ে কোম্পানীয়ে। জিঅ’ৰ এই সমস্যাবোৰ সমাধানৰ আস্বাস প্ৰদান কৰিয়েই দ্বায়িত্ব সামৰে কোম্পানীয়ে। আজি-কালি ঠিক হ’ব বুলি আশা কৰিয়েই উপভোক্তাই মাহৰ পৰা মাহ একে সমস্যা লৈয়ে চলাই থাকিব লগা হৈছে জিঅ চিম। ফলত ক্ষতিগ্ৰস্থ হৈছে গ্ৰাহক সকল। অন্য মোবাইল কমিউনিকেচনৰ তুলনাত কম ব্যয়বহুল হোৱা হেতুকে নিজৰ ছিমখন জিঅ’লৈ পৰ্ট কৰি লৈ ৰাইজে নিজৰ হাতৰ কুঠাৰ নিজৰ ভৰিতে মৰাসদৃহ হৈছে। উপভোক্তাই জৰুৰীকালীন সময়তো নিৰ্ধাৰিত ব্যক্তি, প্ৰতিষ্ঠানলৈ ফোনযোগে যোগাযোগ কৰাত বিফল হৈছে। অৱশেষত ৰাইজৰ ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিল। এক নিৰৱ বিপ্লৱ আৰম্ভ কৰিলে গ্ৰাহকে। স্থানীয় বহু উপভোক্তাই জিঅ’ এৰি অইন নেটৱৰ্কলৈ পৰ্টইন কৰা দেখা গৈছে। দৈনিক অতি তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে জিঅ’ৰ পৰা এয়াৰটেল, ভোডাফোন আদি নেটৱৰ্ক কমিউনিকেচনলৈ পৰ্টইন কৰা গ্ৰাহকৰ সংখ্যা। কোম্পানীত কৰ্মৰত কৰ্মচাৰীৰ মিছা আস্বাসত ভোল নাযায় উপভোক্তাই নেটৱৰ্ক সলনি কৰাৰ সিদ্ধান্ত ললে।

উল্লেখযোগ্য যে, নেটৱৰ্ক যোগান ধৰাৰ বাবে বিদ্যুৎ প্ৰচুৰ পৰিমাণে প্ৰয়োজন হয়। বিদ্যুৎ যোগানৰ বাবে কোম্পানীৰ ফালৰ পৰা যোগান ধৰা তেল মেচিনত ব্যৱহাৰৰ নকৰি কলা বজাৰত একাংশ কৰ্মচাৰীয়ে বিক্ৰী কৰে বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে। যাৰ কুফল ৰাইজে ভূগিব লগা হৈছে। যেতিয়ালৈকে ৰাইজে ভূগি থকা জিঅ’ৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে ৰাইজ ক্ষান্ত নথকাৰ হুংকাৰ দিছে।