বকো

১১ নৱেম্বৰ

চাৰিওফালৰ পৰা চলিছে অসমৰ ভূখণ্ড চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন। মিজোৰাম আৰু অসমৰ মাজৰ সম্পৰ্ক উত্তপ্ত হৈ থকাৰ মাজতে নাগালেণ্ডৰ ফলৰ পৰাও চলাইছে অসমৰ ভূখণ্ড আগ্ৰাসন। ইফালে অসম আৰু মেঘালয়ৰ মাজত দীৰ্ঘদিন ধৰি সীমা কেন্দ্ৰিক বিবাদ চলি থকাৰ মাজতে মেঘালয়ে পুনৰ আগ্ৰাসন চলাইছে অসমৰ ভূখণ্ডত।

অসম আৰু মেঘালয়ৰ মাজত আন্তঃৰাজ্যিক সীমা সমস্যা দিনক দিনে অধিক অৱনতি ফালে গতি কৰিছে। দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ বাবে প্ৰতি মাহে অসমৰ লাম্পীত উপস্থিত হ’বলগীয়া হয় কামৰূপ জিলা প্ৰশাসন আৰু আৰক্ষীৰ বৰমূৰীয়াসকল। লাম্পী তথা ইয়াৰ দাতিকাষৰীয়া অঞ্চল সমূহত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লোলুপ দৃষ্টিৰ বাবেই বহু বছৰ ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে লাম্পী। পৰিতাপৰ বিষয় এই যে অসম চৰকাৰৰ ব্যৰ্থতাৰ বাবেই মেঘালয়ে লাম্পীত আগ্ৰাসন অব্যাহত ৰাখিছে। লাম্পীত মেঘালয় চৰকাৰৰ দপদপনি ইমানেই বৃদ্ধি পাইছে যে অসমৰ ভূখণ্ডত অসম চৰকাৰকে চৰকাৰী কাৰ্যালয় স্থাপনতো বাধা প্ৰদান কৰিছে মেঘালয় চৰকাৰে। ইমানৰ পিছতো গা লৰা নাই অসম চৰকাৰৰ।

এইবাৰ মেঘালয়ৰ সাধাৰণ জনতা নহয়, মেঘালয়ৰ এটা বিভাগ নামি পৰিছে অসমৰ ভূমি অগ্ৰাসনৰ বাবে। মেঘালয়ৰ বিদ্যুৎ বিতৰণ নিগম লিমিটেডে অসমৰ বকো সমষ্টিৰ অন্তৰ্গত লাম্পীৰ নিকটৱৰ্তী দ্ৰোণপাৰালৈ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সৰবৰাহী লাইন স্থাপন কৰিছে। বকোৰ পৰা মাত্ৰ ২৪ কিলোমিটাৰ নিলগত দ্ৰোণপাৰাত মেঘালয় চৰকাৰে প্ৰধানমন্ত্ৰী সৌভাগ্য আচনিৰ জৰিয়তে দ্ৰোণপাৰাত থকা প্ৰত্যেক ঘৰতে বিনামূলীয়া বিদ্যুৎ সংযোগ দিয়াৰ বাবে যোজা চলাইছিল। মেঘালয়ৰ বিদ্যুৎ বিভাগৰ এই কাণ্ড পোহৰলৈ আহে অসম বিদ্যুৎ বিতৰণ নিগম লিমিটেড বকো শাখাৰ বাবে।দ্ৰোণপাৰাত অসমৰ ফালৰ পৰা ইতিমধ্যে একাধিকক্ৰমে প্ৰত্যেক ঘৰতে বিনামূলীয়া বিদ্যুৎ সংযোগ দিয়া আৰম্ভ কৰিছে। মেঘালয়ৰ এই অভিসন্ধিৰ কথা গম পাই লাম্পীৰ গাঁৱবুঢ়া কৃষ্ণ শৰ্মা আৰু বিদ্যুৎ বিভাগে কামৰূপ জিলা প্ৰশাসনক এই সন্দৰ্ভত অৱগত কৰে। ইয়াৰ পিছতে, বুধবাৰে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, কামৰূপ গ্ৰাম্য জিলাৰ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ বৰুৱা, বকো ৰাজহ চক্ৰ বিষয়া সুৰজিৎ কলিতাকে ধৰি আৰক্ষী, জিলা প্ৰশাসন আৰু বিদ্যুৎ বিভাগৰ দল এটা উপস্থিত হয় দ্ৰোণপাৰাত।

আনহাতে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অতিৰিক্ত উপায়ুক্ত পি ডি চাংমা, মেঘালয় বিদ্যুৎ বিতৰণ নিগম লিমিটেডৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ পি কে চুলেট আৰু কে. ৰাচৱাইও দ্ৰোণপাৰাত উপস্থিত হৈ অসমৰ পৰা যোৱা দলটোৰ লগত অঞ্চলতো ভ্ৰমণ কৰে। অসমৰ জিলা প্ৰশাসনৰ ফালৰ পৰা মেঘালয়ৰ জিলা প্ৰশাসনক বিদ্যুৎ যোগানৰ কামটো বন্ধ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত আগন্তুক অসমৰ কামৰূপ আৰু মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ জিলা উপায়ুক্তৰ আলোচনাৰ পাছতহে এই সন্দৰ্ভত আগবাঢ়িব বুলি জানিবলৈ দিয়ে।