কুন্দন ভৰালী

নগাঁও

১১ নৱেম্বৰ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত এন এছ ইউ আইৰ প্ৰতিবাদ। যোগানমন্ত্ৰী ফণী ভুষন চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিলে সৰ্বসাধাৰণ ৰাইজক। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰক সম্পূৰ্ণ ব্যৰ্থ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। তৎস্বত্বেও ৰাজ্যৰ যোগান বিভাগে মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বিভিন্ন দল-সংগঠনৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতিবাদৰ মাধ্যমেৰে যোগান বিভাগ তথা চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় আছে। বুধবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ নগাঁও মহাবিদ্যালয় গোটে। অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ দাবীত এন এছ ইউ আইৰ সদস্য সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে ৰাজপথতেই দাহ কৰে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা যোগান মন্ত্ৰী ফণী ভুষন চৌধুৰীৰ প্ৰতিমূৰ্তি। যোগান মন্ত্ৰী ফণী ভুষন চৌধুৰীক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অন্যতমন ব্যৰ্থ মন্ত্ৰী বুলি অভিহিত কৰে প্ৰতিবাদকাৰী এন এছ ইউ আইৰ সদস্য সকলে।

উল্লেখ্য যে বিগত কিছুদিন ধৰি খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন ৰাজনৈতিক দল সমূহৰ লগতে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে ৰাজপথ উত্তাল কৰি ৰাখিছে। সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তুলি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰি থাকৰ মাজতে বুধবাৰে কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথ কঁপাই তোলে।