গুৱাহাটী, সংবাদ ৩৬৫, ২ মাৰ্চ: বিগত ১৭বছৰৰ অন্তত আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন উদ্দেশ্যে প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ সমৰ্থকৰ বাবেই সোমবাৰে মুকলি কৰা হয় “মডেল ক’ড অফ কংডাক্ট”। “মডেল ক’ড অফ কংডাক্ট” মুকলি অনুষ্ঠানত উপস্থিত থাকে নিৰ্বাচনী সমিতিৰ বিষয়া ক্ৰমে-বিজন মহাজন, ফটো সাংবাদিক অনুপম নাথ, সাংবাদিক সুনিল বৰা আৰু ৰূপা ঘোষ। অনুষ্ঠাটোত আত ধৰে নিৰ্বাচনী বিষয়া অজিত পাটোৱাৰীয়ে।

অনুষ্ঠাটোত পোনপ্ৰথমে মুকলি কৰা হয় “মডেল অফ কংডাক্ট”। সংবাদ মাধ্যমৰ আগত মডেল অফ কংডাক্টখন পাঠ কৰি দিয়ে নিৰ্বাচনী বিষয়া ৰূপা ঘোষে। ইয়াৰ লগতে তেওঁ নিৰ্বাচনত মনোনয়ন দাখিল কৰা সকলোকে সংবিধানৰ সকলো নিয়ম-নীতি মানি চলাৰ বাবে অনুৰোধ জনায়।মনোনয়ন দাখিল কৰা সকলো প্ৰাৰ্থীয়ে যাতে নিজৰ নিৰ্বাচনী প্ৰচাৰসমূহ সম্পূৰ্ণৰূপে ধনাত্মক ভাবে আগুৱাই নিয়ে তাৰ বাবেও অনুৰোধ জনোৱা হয়। নিৰ্বাচনী বিষয়া গৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে ১২ মাৰ্চত হ’বলগা ভোটদান কাৰ্যসূচীত ভোট প্ৰদান কৰিব মুঠ ৮১৬ গৰাকী ভোটাৰে।ইয়াৰ বিপৰীতে নিৰ্বাচনত বিভিন্ন পদৰ বাবে সৰ্বমুঠ ৪২ গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।

নিৰ্বাচনী প্ৰচাৰৰ উপৰিও বিগত দিনত প্ৰেছ ক্লাৱত সংঘটিত হোৱা সকলো ধৰণৰ হিংসাত্মক কাৰ্য সম্বন্ধে স্পষ্টীকৰণ প্ৰদান কৰি বিগত সময়চোৱাত জ্যেষ্ঠ সাংবাদিক লগতে প্ৰেছ ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াৰ দ্বাৰা সংঘটিত কামকাজসমূহৰ সন্দৰ্ভত কয় যে ২০২০ বৰ্ষৰ ভোটাৰ লিষ্টত তেওঁক নাম সন্নিৱিষ্ট নহ’ল। নৱ ঠাকুৰীয়াই ভোটাৰ লিষ্টত তেওঁৰ নাম সন্নিৱিষ্ট কৰিবৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিবলৈ সক্ষম নহ’ল।