গুৱাহাটী

১৬ ছেপ্টেম্বৰ

পুনৰ মুখ্যমন্ত্ৰৰ সহাৰ্য্য পুঁজিলৈ এন আৰ এলৰ ২০.২৮ লাখ টকাৰ বৰঙণি। পূৰ্বে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি অসম আৰু অসম আৰোগ্য নিধিলৈ পাঁচ কোটি টকাৰ বৰঙণি প্ৰদান কৰিছিল কোম্পানীটোৱে।

মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ এন আৰ এলৰ কৰ্মচাৰী সকলৰ ২০.২৮ লাখ টকাৰ বৰঙণি। ২০.২৮ লাখ টকাৰ চেক পি এচ ইউটোৰ মহিলা কৰ্মচাৰী সকলৰ দ্বাৰা এন আৰ এলৰ পৰিচালন সঞ্চালক এচ. কে. বৰুৱাৰ উপস্থিতত মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালক অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়োৱা ২০.২৮ লাখ টকা হৈছে এন আৰ এলৰ কৰ্মচাৰী সকলৰ এদিনৰ দৰমহা। পূৰ্বেও যোৱা এপ্ৰিল মাহৰ ৩ তাৰিখে কোম্পানীটোৱে কভিড-১৯ মহামাৰী ফলত সৃষ্টি হোৱা জৰুৰী কালীন অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ পাঁচ কোটি টকা মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজি অসম আৰু অসম আৰোগ্য নিধিলৈ সমভাৱে বিতৰণ কৰিব পৰাকৈ বৰঙণি আগবঢ়াইছিল।