দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ: দক্ষিণ কামৰূপৰ তেজপুৰত স্থাপন কৰা আই টি চি নামৰ এক বৃহৎ উদ্যোগ প্ৰতিষ্ঠানটোৰ কৰ্মকাণ্ডই চকু কপালত উঠাইছে অঞ্চলটোৰ ৰাইজৰ। উদ্যোগ প্ৰতিষ্ঠানটোৱে দক্ষিণ পশ্চিম দিশেৰে বৈ যোৱা বাথা আৰু কলহী নৈত বেদখল কৰি নৈৰ বুকুত বৃহৎ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰাত অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে । উল্লেখযোগ্য যে আই টি চি কৰ্তৃপক্ষই নৈৰ বুকুলৈ প্ৰায় দহ মিটাৰ অংশ বেদখল কৰি প্ৰায় ডেৰ কিলোমিটাৰ অংশত দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । উল্লেখ্য যে বাথা আৰু কলহী নৈৰ সংযোগস্থলী অংশক দোমুখা বুলি কোৱা হয় । এই দোমুখা হৈছে নৈখনৰ বিলুপ্তপ্ৰায় শিহুৰ বিচৰণথলী । উক্ত স্থানলৈ বহু দূৰ দূৰণিৰ লগতে দেশ বিদেশৰ পৰ্যটকে শিহুৰ জলকেলি চাবলৈ আহে । কিন্ত উদ্যোগ প্ৰতিষ্ঠানটোৰ এই হঠকাৰী কাণ্ডই এতিয়া পৃথিৱী বিখ্যাত ৰিভাৰ ডলফিনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । স্থানীয় লোকে মতপ্ৰকাশ কৰা মতে শিহুৰ প্ৰধান পইণ্ট এলেকাত এনেদৰে ওখ বৃহৎ দেৱাল দিয়াৰ ফলত শিহুৰ বিচৰণথলী হ্ৰাস পোৱাৰ লগতে জলকেলিৰ সময়ত শিহুবোৰে দেৱালত খুন্দা খাই মৃত্যু বৰণ কৰিব বুলিও আশংকা প্ৰকাশ কৰিছে । আনহাতে মাছ কাছৰ বাবেও তীব্ৰ সংকট আহিব বুলি ৰাইজে মতপোষণ কৰিছে । আনহাতে নৈখনৰ উত্তৰফালে নৈৰ বুকুত বৃহৎ দেৱাল দিয়াৰ ফলত নৈৰ গতি সলনি হৈ নৈৰ দক্ষিণ পশ্চিমফালে তীব্ৰ গৰাখহনীয়া হোৱাৰো আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এনে পৰিস্থিতিত হ’ব পৰা খহনীয়াই কুকুৰমাৰা গাৱৰ লগতে সোতৰ নং ৰাষ্ট্ৰীয় ঘাই পথলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে । ইপিনে বিগত বৰ্ষতেই আই টি চি কৰ্তৃপক্ষই নৈখনত বেদখলৰে বেআইনীভাৱে দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়ত স্থানীয় ৰাইজে পলাশবাৰীৰ চক্ৰ বিষয়া আৰু স্থানীয় বিধায়ক প্ৰণৱ কলিতাক অৱগত কৰাইছিল যদিও বিধায়ক তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নকৰি আই টি চি কৰ্তৃপক্ষৰ লগত গোপন বুজাবুজি কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । অতিশীঘ্ৰে বাথা আৰু কলহী নৈত বেদখলৰে আই টি চি কৰ্তৃপক্ষই যি দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰিছে সেয়া যদি বন্ধ নকৰে তেতিয়া আই টি চিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি স্থানীয় ৰাইজে সকীয়াই দিছে । এই ক্ষেত্ৰত স্থানীয় ৰাইজে জিলা উপায়ুক্তৰ ওচৰতো অভিযোগ দাখিল কৰিব বুলি জানিবলৈ দিছে ।