গুৱাহাটী

২১ ফেব্ৰুৱাৰী

পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিলে প্ৰতিবাদী কাৰ্যসূচী। ৰাজ্যজুৰি পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসমৰ প্ৰতিখন জিলাতে ৰূপায়িত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ দেওবাৰে আৰম্ভণি কৰে কংগ্ৰেছ দলে। ৰাজ্যৰ প্ৰান্তে প্রান্তে কংগ্ৰেছ নেতা-কৰ্মীয়ে পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতাকে ধৰি নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক মুকুল ৱাচনিক, প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্রেছৰ কেম্পেইন কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ গৌৰৱ গগৈ, প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইন, নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্ৰী সুস্মিতা দেৱে অসমৰ ভিন্ন ভিন্ন প্ৰান্তত পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে। হোজাইত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই কয় “প্ৰতি লিটাৰ পেট্ৰ’লৰ প্ৰকৃত মূল্য ৩৩.৪৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ প্ৰকৃত মূল্য ৩১.৮২ টকা কিন্তু বিজেপি চৰকাৰখনে জনসাধাৰণক বলপূৰ্বকভাৱে প্ৰতি লিটাৰ পেট্ৰ’ল ৮৭ টকাত আৰু প্ৰতি লিটাৰ ডিজেল ৮২ টকাত কিনিবলৈ বাধ্য কৰিছে। নিশ্চিতকৈ বিজেপিয়ে কৰৰ নামত জনসাধাৰণক লুটি আছে। “ৰিপুন বৰাই লগতে কয় “বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ব্যৰ্থতা ৰাইজৰ পৰা কিয় লুকুৱাই ৰাখিছে? তেওঁলোকে ৰাইজক স্পষ্টকৈ জনাই দিয়ক কাৰ স্বাৰ্থত চৰকাৰৰ এই অপৰিপক্ক আৰু জনবিৰোধী সিদ্ধান্তবোৰ ৰাইজৰ ওপৰত জাপি দিছে “?

নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সোণোৱাল চৰকাৰৰ ব্যৰ্থতা আঙুলিয়াই কয় “বিজেপি চৰকাৰে অসমানুপাতিকভাৱে পেট্ৰ’ল আৰু ডিজেলৰ দাম বঢ়াই আছে”। প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিক প্ৰশ্ন কৰে “মই সুধিব বিচাৰো কিহৰ ওপৰত ভিত্তি কৰি বিজেপি চৰকাৰে প্ৰতিদিনে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি আছে। জনতাৰ ওপৰত বিজেপিয়ে সোধোৱা এই নিষ্ঠুৰ মাধমাৰৰ ওপৰত বিজেপিয়ে তেওঁলোকৰ নীতি স্পষ্ট কৰক।” কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কয় “বিজেপি চৰকাৰখনে লকডাউনৰ সময়ত পেট্ৰ’ল আৰু ডিজেলৰ অধিক মূল্যবৃদ্ধি কৰি জনতাৰ ওপৰত মাধমাৰ সোধোৱাৰ লগতে ৰকইজক লুটি আছে। মই সুধিব বিচাৰিছো আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কম হোৱাৰ পিছতো জনসাধাৰণে কিয় ইমান বেছি দামত পেট্ৰ’ল আৰু ডিজেল কিনিব লগা হৈছে?”

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেৱব্ৰত শইকীয়াই কয় “পেট্ৰ’লৰ মূল্যবৃদ্ধি সাধাৰণ জনতাৰ মূৰত বোজা হৈ পৰিছে। বিজেপিয়ে স্পষ্ট কৰক কাৰ স্বাৰ্থত পেট্ৰ’লৰ মূল্যবৃদ্ধি কৰি আছে?” ৰকিবুল হুছেইনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিকলৈ বিজেপি দলক আক্ৰমণ চলাই কয় “মোৰ চিধা প্ৰশ্ন, বিজেপিলৈ দেশৰ অন্য প্রান্ততকৈ অসমত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য কিয় বেছি? অসমক কিয় মাহী আইৰ দৃষ্টিৰে চোৱা হৈ আছে?” সুস্মিতা দেৱে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিকলৈ কয়, “তথাকথিত দুটা ইঞ্জিনৰ বিজপি চৰকাৰখনে নিৰ্বাচনৰ আগত মাত্ৰ ৫ টকা কমাই ভেল্কীবাজি কৰিছে। প্ৰকৃততে তেওঁলোকে বৃহৎ পুঁজিপতি সকলৰ বাবে এই কৰ জাপি দিছে। “বৰপেটাৰ সাংসদ আব্দুল খালেকে কয়, “প্ৰথমতে বিজেপিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে, তাৰ পিছত নেৰানেপেৰাকে ইন্ধনৰ দাম বঢ়াই আছে। বিজেপি চৰকাৰখনে অতি নিষ্ঠুৰভাৱে জনতাৰ ওপৰত মাধমাৰ সোধাই আছে।”