বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৮ মাৰ্চ: প্লাষ্টিকৰ কণী আৰু চাউলৰ পিছত এইবাৰ বঙাইগাঁৱত ওলাল প্লাষ্টিকৰ আটা। দোকানৰ পৰা কিনি নিয়া আটাত প্লাষ্টিক মিশ্ৰণ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাত৷ বঙাইগাঁও চহৰৰ বিটি ৰোডৰ সঞ্জু গৌড় নামৰ এজন লোকে বজাৰৰ পৰা ক্ৰয় কৰি অনা আটাত প্লাষ্টিক উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। বঙাইগাঁৱৰ বৰো বজাৰত থকা সূজয় সৰকাৰ নামৰ ব্যৱসায়ী এজনৰ পৰা লোকজনে আটা ক্ৰয় কৰি আনি আটা খিনিত পানী দিয়াৰ লগে লগে আটা খিনি গুচি গৈ প্লাষ্টিক সামগ্ৰী ওলাই পৰে আৰু আটা খিনিত জুই লগাই দিলে প্লাষ্টিক পুৰাৰ দৰে গোন্ধ ওলায়৷ এই ঘটনাৰ পিছত বঙাইগাঁও জিলা আছুৱে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি ঘটনাৰ তদন্তৰ দাবী জনাইছে৷