গুৱাহাটী, সংবাদ ৩৬৫, ৮ মাৰ্চ : গুৱাহাটীত বিশেষ কাৰ্যসূচী লৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি বৃস্পতিবাৰে ঢাকাৰ পৰা এক বিশেষ বিমান যুগে আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় দুপৰীয়া ১.৫০ বজাত। দুপৰীয়া বৰঝাৰ বিমান বন্দৰত বাংলাদেশৰ ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনায় ৰাজ্যপাল জগদীশ  মূখী, গড়কাপ্তনী মন্ত্ৰী পৰিমল শুক্লাবদ্য, ৰঞ্জিত দত্ত, আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে ৰাজ্যৰ উচ্চপদস্থ বিষয়া সকলে। বিমানবন্দৰৰ পৰা বাংলাদেশৰ ৰাষ্ট্ৰপতি গৰাকী হোটেল তাজ বিভাণ্টালৈ ৰাওনা হয় আৰু প্ৰায় ৩.৩০ বজাত বাংলাদেশী ৰাষ্ট্ৰপতি গৰাকীয়ে নিলাচল পাহাৰত মা কামাখ্যাৰ মন্দিৰ দৰ্শন কৰে। কামাখ্যা মন্দিৰ দৰ্শনৰ পিছত মাছখোৱা ঘাটত উপস্থিত হৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদে এখন জাহাজত উঠি পৰিভ্ৰমণ কৰে মহাবহু ব্ৰহ্মপুত্ৰৰ। মহানগৰীত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ উদ্দেশ্যে বাংলাদেশৰ ৰাষ্ট্ৰিপতি আব্দুল হামিদ গুৱাহাটীত উপস্থিত হৈছে।  শুকুৰবাৰে বাংলাদেশৰ ৰাষ্ট্ৰপতি গৰাকী মেঘালয়ৰ ৰাজধানী শ্বিলংত থাকি শনিবাৰে পুনৰ গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ ৰাওনা হব।