দৰং, সংবাদ ৩৬৫, ২৯ এপ্ৰিল : দৰং জিলাৰ ধূলাত এজন খেতিয়কে দেখুৱালে প্ৰকৃতিপ্ৰেমৰ নিৰ্দশন। খেতি পথাৰত ২০ কেজি ওজনৰ কাছ উদ্ধাৰ কৰি বন বিভাগক চমজাই দিলে খেতিয়কজনে। খতিয়াক শুকুৰ আলীৰ প্ৰকৃতিপ্ৰেমৰ শলাগ লৈছে সকলোৱে।

কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে দেশজুৰি লক ডাউন অব্যাহত থকাৰ সময়তে প্ৰকৃতিপ্ৰেমৰ এক নিদৰ্শন দাঙি ধৰিলে দৰং জিলাৰ ধূলাৰ এজন খেতিয়কে। জানিব পৰা মতে দৰং জিলাৰ ধূলা থানৰ অন্তৰ্গত ননকে গৰাপুৰীগাঁৱৰ শুকুৰ আলী নামৰ খেতিয়ক এজনে নিজৰ ধাননি পথাৰত বৃহৎ আকাৰৰ এটা কাছ প্ৰত্যক্ষ কৰি স্থানীয় কিছুমান সাংবাদিকক খবৰ দিয়ে। সাংবাদিকৰ দলটোৱে শুকুৰ আলীৰ লগত ধাননি পথাৰৰ পৰা কাছটোক উদ্ধাৰ কৰি বন্যপ্ৰাণী সুৰক্ষা সমিতিৰ লগত যোগাযোগ কৰাত বন বিভাগৰ দল এটা ঘটনাস্থলীত উলস্থিত হয়। শুকুৰ আলী আৰু সাংবাদিকৰ দলটো দলগাঁও বন্যপ্ৰাণী সুৰক্ষা সমিতিৰ সম্পাদক আব্দুল আজিজ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সহবনকৰ্মী প্ৰাঞ্জিত ডেকাৰ উপস্থিতিত বন বিভাগৰ হাতত কাছটো চমজাই দিয়ে। খেতি পথাৰৰ মাজৰ পৰা বৃহৎ আকাৰৰ কাছ উদ্ধাৰ কৰি শুকুৰ আলী নামৰ খেতিয়কজনে বন বিভাগ চমজাই দি প্ৰকৃতিপ্ৰেমৰ যি নিদৰ্শন দেখুৱালে সকলোৱে ইয়াৰ শলাগ লৈছে।

উল্লেখ্য যে,মঙলবাৰে মহানগৰী গুৱাহাটীৰ ঐতিহাসিক উগ্ৰতাৰা দেৱালয়ৰ পুখুৰীত প্ৰায় ১০০ বছৰ বয়সৰ এটা বৃহৎ কাছৰ মৃত্যু হৈছিল। উগ্ৰ তাৰা দেৱালয় ৰ পুখুৰীত কাছ ৰ মৃত্যু হোৱা ঘটনাই প্ৰকৃতি প্ৰেমী সকলৰ মাজত শোকৰ সৃষ্টি কৰিছিল।