নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ এপ্ৰিল : হিন্দী ছবি জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু জনপ্ৰিয় অভিনেতা গৰাকীৰ। নিউৰোএণ্ড’ক্ৰাইন টিউমাৰত আক্রান্ত আছিল অভিনেতা ইৰফান খান।

বুধবাৰে পুৱাৰ ভাগত জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত মৃত্যু ঘটে। ৫৪ বছৰীয়া অভিনেতা গৰাকী ২০১৮ চনৰে পৰা নিউৰোএণ্ড’ক্ৰাইন টিউমাৰত আক্রান্ত হৈ আছিল। মঙলবাৰে অভিনেতা গৰাকীক স্বাস্থ্যৰ অৱনতি ঘটাত সংকটজনক অবস্থাত কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে পুৱাৰ ভাগত মৃত্যু ঘটে অভিনেতা গৰাকীৰ। ২০১৮ চনৰে পৰা নিউৰোএণ্ড’ক্ৰাইন টিউমাৰত আক্রান্ত হোৱা অভিনেতা গৰাকী বহুদিন ধৰি বিদেশত চিকিৎসা সমাপ্ত কৰি ভাৰতলৈ ঘুৰি আহিছিল যদিও মঙলবাৰে অভিনেতা গৰাকীৰ শৰীৰক অৱস্থাৰ অৱনতি ঘটিছিল।

হিন্দী ছবিজগতৰ বিশিষ্ট অভিনেতা ইৰফান খান বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবিত অভিনয় কৰিছিল। শ্লামডগ মিলিয়নাৰ, জুৰাছিক পাৰ্ক, স্পাইডাৰমেন, লাইফ অৱ পাইৰ দৰে আন্তঃৰাষ্ট্ৰীয় ছবিত অভিনয় কৰি অভিনেতা ইৰফান খান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।