গুৱাহাটী, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী : ৭ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যাৰ বাবে এতিয়া গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। নিৰাপত্তাত ব্যৱস্থাত যাতে কোনো সুৰুঙা ৰৈ নাযায় তাৰ বাবে আৰক্ষী,প্ৰশাসন, চি আই এছ এফ আৰু বিমানবন্দৰৰ বিষয়া কৰ্মচাৰীৰ সৈতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলে বৰঝাৰ বিমানবন্দৰত এক বৈঠকত মিলিত হয় ।

ইয়াৰোপৰি মহানগৰীত চি চি টিভিৰ দুৰ্বলতাৰ দিশ সন্দৰ্ভতো লক্ষ্য কৰি থকা হৈছে বুলি মন্তব্য কৰে উপায়ুক্তই ।

বৰঝাৰ বিমানবন্দৰত তালাচী চলোৱাৰ লগতে গুৱাহাটীত উদ্ধাৰ হোৱা বোমা প্ৰতি লক্ষ্য ৰাখি বোমা নিষ্ক্ৰিয়কৰণৰ গাড়ীও সাজু কৰি থৈ দিয়া হৈছে। মুঠৰ ওপৰত বড়ো ভূমিৰ বিজয় উৎসৱত উপস্থিত হব লগীয়া প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণক লৈ পূৰ্ণ প্ৰস্তুতি চলিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ।