কোকৰাঝাৰ, সংবাদ ৩৬৫, ৭ ফেব্ৰুৱাৰী : বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত বড়োভূমিত আয়োজন শুকুৰবাৰে আয়োজন কৰা হ’ল বিশাল জনসভা। প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈ আয়োজন কৰা হৈছে বিজয় উৎসৱ।

সভাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্যৰ লগতে” কা”ৰ প্ৰসংগও আনে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মই অসমবাসীক জনাব বিচাৰো যে “কা”ৰ জৰিয়তে কোনো বিদেশী নাহে, আহিবলৈ দিয়া নহ’ব। মোৰ ওপৰত বিশ্বাস ৰাখক, এই বিশ্বাস অথলে নাযায়। মা কামাখ্যাক বিশ্বাস কৰক।

ইফালে উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে লোৱা পদক্ষেপক সন্মান সহকাৰে ধন্যবাদ জনায় কয় যে, ‘ বড়ো চুক্তিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উন্নয়নৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিলে। চুক্তিয়ে কেৱল বড়ো সকলৰ বাবেই নহয় অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবেই নতুন আশাৰ বতৰা কঢ়িয়াব।’