গুৱাহাটী, সংবাদ ৩৬৫, ২৯ ডিচেম্বৰ: প্ৰদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত শনিবাৰে প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত লখিমপুৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই, প্ৰাক্তন সাংসদ তথা চিপিআই এম এলৰ নেতা ড’ জয়ন্ত ৰংপীৰ পুত্র ড’ মংবে ৰংপী আৰু এইচ এচ ডি চিৰ প্ৰাক্তন সম্পাদক ড’ এম ক্ৰ’ ডাঙৰীয়াই ভাৰতীয় জাতীয় কংগ্রেছ দলত আনুষ্ঠানিক ভাবে যোগদান কৰে। প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই গোটেই কেইগৰাকী ব্যক্তিকে আনুষ্ঠানিক ভাবে দললৈ আদৰণি জনাই কংগ্রেছ দলৰ সদস্যপদ প্ৰদান কৰে। প্ৰদেশ কংগ্রেছৰ সভাপতিজনে কংগ্রেছ দলৰ সকলোস্তৰৰ নেতা কৰ্মীকে দলৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰতেই নিজৰ ক্ষুদ্র ক্ষুদ্র ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি দল শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰিবলৈ আহবান জনাই। লগতে প্ৰতিজন নেতা কৰ্মীকে আগন্তুক লোকসভা সভা নির্বাচনৰ বাবে নিজ নিজ অঞ্চলত দেহে-কেহে সাংগঠনিক ভেটি সবল কৰি লোকসভা নির্বাচনলৈ সাজু হবলৈ আহবান জনাই। প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁয়ে পুনৰ নিজৰ কংগ্রেছ পৰিয়াললৈ উভতি আহি শান্তি পোৱা বুলি উল্লেখ কৰি আজীৱন এজন কংগ্রেছ দলৰ কৰ্মী তথা সৈনিক হিচাবে আগন্তুক দিনবোৰত দলীয় সংগঠন শক্তিশালী কৰাৰ কামত নিজকে আত্মনিয়োগ কৰিব আৰু ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতবর্ষত পুনৰ কংগ্রেছ দলে চৰকাৰ গঠন কৰিব বুলি দৃঢ়মত পোষণ কৰে। আনহাতে ড’ মংবে ৰংপীয়ে সম্প্রতি বিজেপি দলৰ শাসনকালত দেশখনত যিধৰণে বিভেদকামী ৰাজনীতি মূৰ দাঙি উঠিছে ,ধৰ্মনিৰপেক্ষতা, বহুত্ববাদী ভাৱধাৰা আৰু সংবিধানৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিছে তাক প্ৰতিহত একমাত্ৰ কংগ্রেছ দলেহে কৰিব পাৰিব বুলি মন্তব্য কৰে। যাৰবাবে তেওঁ কংগ্রেছ দলত যোগদান কৰিছে। শনিবাৰৰ এই যোগদান অনুষ্ঠানত উপস্থিত থাকি বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইৰ লগতে ড’ ক্ৰ’ আৰু ড’ ৰংপীৰ দৰে উচ্চ শিক্ষিত যুৱনেতাৰ যোগদানে দলৰ হাত শক্তিশালী কৰিব।আমি সকলোৱে অনাগত লোকসভা নির্বাচনত বিজেপি দলক পৰাজিত কৰি সৰহসংখ্যক আসন দখল কৰিবলৈ সক্ষম হব লাগিব। সভাত অংশগ্রহণ কৰে প্ৰাক্তন মন্ত্রী শৰৎ বৰকটকী, প্ৰাক্তন সাংসদ ক্ৰমে বিষ্ণু প্ৰসাদ, বলীন কুলী, দ্বীজেন শৰ্মা আৰু শৈলেন বৰাৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকলে ।