গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰী : ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ঢেকীয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি হাবুল চক্ৰৱৰ্তীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সভাপতি বৰাই কয় যে ঢেকীয়াজুলিৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন পৌৰপতি তথা বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য চক্ৰৱৰ্তী দুৰ্যোগৰ সময়তো কংগ্ৰেছ দলৰ লগত থাকি দলটো শক্তিশালী কৰাৰ কামত আগভাগ লৈছিল।

১৯৬০ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা হাবুল চক্ৰৱৰ্তী ২০১১ চনত কংগ্ৰেছ দলৰ বিধায়ক নিৰ্বাচিত হোৱাৰ সময়তো এগৰাকী পৌৰসদস্য আছিল। জ্যেষ্ঠ কংগ্ৰেছ নেতা চক্ৰৱৰ্তীদেৱৰ মৃত্যুত দলে এগৰাকী নিষ্ঠাৱান সেৱকক চিৰদিনলৈ হেৰুৱালে। তেওঁৰ মৃত্যু অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। প্ৰয়াত হাবুল চক্ৰৱৰ্তীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনাও জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

প্ৰাক্তন বিধায়ক হাবুল চক্ৰৱৰ্তীক শনিবাৰে নিশা উচ্চ ৰক্তচাপজনিত কাৰণত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালতে ঢেকীয়াজুলিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত চক্ৰৱৰ্তীৰ বয়স আছিল ৬১ বছৰ।