গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰী: মন্টফ’ৰ্ট টাইগাৰ্ছে গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ জিজিবিএলৰ দ্বিতীয় ছিজনৰ অনুৰ্ধ ৬ৰ খিতাপ দখল কৰে৷ দেওবাৰে জিজিবিএলৰ দ্বাদশ মেচ ডে’ত মন্টফ’ৰ্টে মুঠ ৩৬ পইন্টেৰে তালিকাৰ শীৰ্ষস্থান নিশ্চিত কৰি খিতাপ দখল কৰে৷

জিটিচি ৰাইনোজে দ্বিতীয় আৰু নাৰেংগী ডলফিন্সে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে৷ এই শাখাত ৩৯টা গ’লেৰে যুটীয়া শীৰ্ষ গ’লদাতা হয় মন্টফ’ৰ্টৰ এড’নি ছামাৰ আৰু নাৰেংগীৰ সাগনিক লাহিড়ী ৷ দ্বিতীয় আৰু তৃতীয় স্থানত থাকে ক্ৰমে জিটিচিৰ সিদ্ধান্ত শৰ্মা (৩৫) আৰু মনোময় ডীয়েৰ্ছৰ আৰাধ্যা বৰপাত্ৰগোঁহাই (১৪)৷

ইপিনে, গুৱাহাটী চিটী এফ চি চমুকৈ জিচিএফচি ইউনিকৰ্নছে অনুৰ্ধ ৮ শাখাৰ খিতাপ হাতত দুখন মেচ থকা অৱস্থাতে নিশ্চিত কৰিছে৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চমুকৈ এ আই এফ এফৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো গ’ল্ডেন বেবী লীগ জিজিবিএলৰ দ্বিতীয় ছিজনৰ আজি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল ৰাউণ্ডৰ মেচসমূহত জিচিএফচিয়ে নিজৰ অপৰাজেয় ধাৰা অব্যাহত ৰাখি দুখন মেচ বাকী থকা অৱস্থাত ৬৪ পইন্টেৰে খিতাপ নিশ্চিত কৰে৷ দেওবাৰে জিচিএফচিয়ে নাৰেংগী ডলফিন্সক ৩-০ আৰু জিটিচি ৰাইনোজক ১২-০ গ’লত পৰাস্ত কৰে৷ মন্টফ’ৰ্টৰ এল শ্বিডাল সিং আৰু জিচিএফচিৰ বিবেক দে’ই প্ৰথম দুটা শীৰ্ষ গ’লদাতাৰ স্থান দখল কৰি আছে৷

গুৱাহাটী চিটী এফচি (জিচিএফচি) আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে ৱামূল (পূৰৱী ডেইৰী)ৰ সহযোগত আৰু অসম ফুটবল সংস্থা, ইণ্ডিয়ান অইল কৰ্পোৰেচন-ছাৰ্ভো, ডেকাথল্‌ন গুৱাহাটী, ৰামানম ইনফ’টেক আৰু ৯৪.৩ গপশ্বপ এফএমৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত জিজিবিএলৰ অনুৰ্ধ ১০তো জিচিএফচি ইউনিকৰ্নছে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখি খিতাপ দখলৰ দিশে আগবাঢ়িছে৷ দেওবাৰে জিচিএফচিয়ে খানাপাৰা পেগাছাছক ৬-০, জিটিচি ৰাইনোজক ২-০ আৰু মনোময় ডীয়েৰ্ছক ৪-০ গ’লত পৰাস্ত কৰে।