গুৱাহাটী

২৮ ছেপ্টেম্বৰ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সভাপতি বৰাই কয় যে চৈয়দা আনোৱাৰা টাইমূৰ আছিল অসমৰ প্ৰথম গৰাকী আৰু এই পৰ্যন্ত একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই লগতে কয় যে ৰাজ্যত বিদেশী বহিষ্কাৰ আন্দোলনৰ মাজত এক জটিল সময়ত চৈয়দা আনোৱাৰা টাইমূৰ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছি। চৈয়দা আনোৱাৰা টাইমূৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰো সক্ৰিয় সদস্য আছিল আৰু চাৰিবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। তদুপৰি ৰাজ্যসভাৰ সাংসদ হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল। ৰাজনীতিত সক্ৰিয় অংশ গ্ৰহণেৰে তাহানিয়ে মহিলা সৱলীকৰণৰ ধাৰণাক বাস্তৱ ৰূপ দিয়া চৈয়দা আনোৱাৰা টাইমূৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হোৱাটোৱে অসমৰ মহিলা যে সকলো ক্ষেত্ৰতে দক্ষ আৰু যোগ্য, সেই কথাৰেই প্ৰমাণ দিছিল। চৈয়দা আনোৱাৰা টাইমূৰৰ মৃত্যুত কংগ্ৰেছ দলৰ যি ক্ষতি হ’ল সেয়া অপূৰণীয়। প্ৰয়াত চৈয়দা আনোৱাৰা টাইমূৰৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে ৰিপুন বৰাই শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনাও জ্ঞাপন কৰে।

উল্লেখ্য যে অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰ ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে । চৈয়দা আনোৱাৰা টাইমূৰ ৬ ডিচেম্বৰ ১৯৮০ চনৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈ অসমৰ মুখ্যমন্ত্ৰী আছিল। সোমবাৰে অষ্ট্ৰেলিয়াত থকা পুত্ৰৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।