কুন্দন ভৰালী

নগাঁও

২৮ ছেপ্টেম্বৰ

খেদি খেদি চিলনী চোৰক কৰায়ত্ত কৰিলে এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে। চোৰ ধৰিব নোৱাৰা আৰক্ষীক চিলনী চোৰ কৰায়ত্ত কৰি চেলেঞ্জ দিলে ১৫ বছৰীয়া কিশোৰী গৰাকীয়ে।

নগাঁও চহৰৰ ধিং গেটত এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিছিল দুই চিলনী চোৰে। টেম্প’ত উঠি ঘৰ অভিমুখে যাবলৈ লওঁতেই চেইন থপিয়াই নিয়া চিলনী চোৰক কিন্তু ৰেহাই নিদিলে মহিলা গৰাকীৰ জীয়ৰী। নগাঁও চহৰৰ মাজমজিয়াত চিলনী চোৰক খেদি খেদি কৰায়ত্ত কৰিলে সাহসী কিশোৰী গৰাকীয়ে। এনে দুৰ্দ্দান্ত সাহস প্ৰদৰ্শন কৰা কিশোৰী গৰাকী হৈছে নগাঁৱৰ ৰাইডঙ্গীয়াৰ দিক্ষীতা হাজৰিকা। দিক্ষীতা হাজৰিকাই মাক পলি হাজৰিকাৰ সৈতে নগাঁও চহৰৰ পৰা টেম্প’ত উঠি ঘৰলৈ যাবলৈ লোৱাৰ অৱস্থাতে সাহসী কিশোৰী গৰাকীৰ মাতৃৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিছিল সোণৰ চেইনডাল কিন্তু চিলনী চোৰক ৰেহাই নিদিলে সাহসী কিশোৰী দিক্ষীতা হাজৰিকাই। দুই চিলনী চোৰৰ এজনক খেদি খেদি কৰায়ত্ত কৰি দিক্ষীতা হাজৰিকাই হয়বৰগাঁও আৰক্ষীৰ হাতত গটাই দিয়ে যদিও আনটো চিলনী চোৰ সোণৰ চেইন লৈ উধাও হ’বলৈ সক্ষম হয়।

ইফালে জানিব পৰা মতে দিক্ষীতা হাজৰিকাই খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা চিলনী চোৰটোৱেই দিক্ষীতা হাজৰিকাৰ মাতৃৰ চেইন থপিয়াই নিয়াৰ এঘণ্টা পূৰ্বে হয়বৰগাঁৱৰ ইলিমাই বৰ্মন নামৰ এগৰাকী মহিলাৰ পৰা থপিয়াই নিছিল ১ লাখ ৭৫ হাজাৰ টকা ভৰ্ত্তি এটা বেগ।