ফজলুৰ ৰহমান

সোণতলী

২৪ ছেপ্টেম্বৰ

আগন্তক ২০২১ বর্ষৰ বিধানসভাৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালে শাসকীয় বিজেপি দলেও বিধানসভা সমষ্টিসমূহত আৰম্ভ কৰিছে সমষ্টি দখলৰ ব্যাপক কুচকাৱাজ৷ বৰ্তমান কংগ্ৰেছৰ দখলত থকা দক্ষিণ কামৰূপৰ অনুসূচিত  জাতিৰ বাবে সংৰক্ষিত বকো সমষ্টি দখলৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে ৰণকৌশল।

বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়া শিক্ষক ভৱনত বিজেপিয়ে ‘আত্মনিৰ্ভৰশীল ভাৰত’, ‘আত্মনিৰ্ভৰশীল অসম’ গঢ়াৰ শ্ল’গানলৈ আয়োজন কৰে এক বিশেষ সভাৰ। ছমৰীয়া মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ মজুমদাৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা সভাত বিজেপি দলৰ ৰাজ্যিক সম্পাদক তথা বাঙালী উন্নয়ন পৰিষদৰ অধ্যক্ষ সুকুমাৰ বিশ্বাস উপস্থিত থাকি  কয় যে, বকো সমষ্টিত দলীয় কাৰ্যকৰ্তাসকলে সকলো শ্ৰেণীৰ ৰাইজৰ স্বাৰ্থত কৰি অহা কামৰ বিনিময়ত দলটোৱে লাভ কৰা বিপুল সঁহাৰিৰ বাবেই সমষ্টিটোত বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে অনায়াসে বিজয়ী হ’ব৷ বিজেপিৰ  প্ৰাৰ্থী নহ’লে পুনৰাই সমষ্টিটো কংগ্ৰেছৰ হাতলৈ গুচি যাব বুলিও নিজৰ বক্তব্যত তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সুকুমাৰ বিশ্বাসে৷

বিজেপি দলে ‘সবকা সাথ সবকা বিকাশ’ নীতিৰে কাম কৰি যোৱা বাবে দলটো ধৰ্ম নিৰপেক্ষ হিচাপে পৰিচিত হোৱাৰ সুবাদত সংখ্যালঘু ভোটাৰ ৰাইজ দলটোৰ বিভিন্ন আঁচনি আৰু কাম কাজত আকৃষ্ট হৈ ব্যাপক হাৰত বিজেপি দলক ভোট প্ৰদান কৰিব বুলি সুকুমাৰে আশা প্ৰকাশ কৰে ইয়াৰোপৰি সভাখনত  বিজেপিৰ অনুসুচিত জাতি মৰ্চাৰ সভাপতি নিলোপম দাস, কোষাধ্যক্ষ দুলাল মেধি, ৰাজ্যিক কাৰ্যনিৰ্বাহক সীমান্ত দাস, বিজেপিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উপ সভাপতি তথা ছমৰীয়া বকো মণ্ডলৰ প্ৰভাৰী বিনোদ দত্ত শৰ্মা, যুৱনেতা নিপু কুমাৰ বৰাকে ধৰি কেইজন দলীয় নেতা উপস্থিত থাকি সকলো বিজেপি কৰ্মীকে উদ্যমেৰে দলৰ কাম কৰিবলৈ কৈ আগন্তুক বিধানসভাৰ নিৰ্বাচনত বকো সমষ্টি বিজেপিৰ দখলৰ সংকল্প ল’বলৈ আহ্বান জনায়৷

বিজেপিৰ এই সাংগঠনিক সভাখনত ছমৰীয়া সণ্ডলৰ অন্তৰ্গত মহিলা মৰ্চা, কিষাণ মৰ্চাকে ধৰি বুথ সমিতিসমূহৰ ভালেসংখ্যক বিষয় ববীয়া, কৰ্মীবৃন্দ ও পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে।