মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২৪ ছেপ্তেম্বৰ

বি টি চিত বসবাস কৰা সংখ্যালঘু জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক , ৰাজনৈতিক, ভুমিৰ অধিকাৰকে ধৰি লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰা, সংখ্যলঘু উন্নয়ন বৰ্ড গঠন কৰা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত সংখ্যালঘু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আসন সংৰক্ষণ এই সমুহ বিষয় সমুহ বিস্তাৰিতভাৱে উল্লেখ কৰি প্ৰতিটো ৰাজনৈতিক দল সমুহক স্মাৰকপত্ৰ প্ৰদান কৰা হ’ব বুলি এক সংবাদ মেলত ঘোষণা কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰে।

বি টি চিৰ ৰাজনৈতিক দল ক্ৰমে বি পি এফ, ইউ পি পিএল আৰু গণ সুৰক্ষা পাৰ্টীয়ে অকল সংখ্যালঘু ৰাইজক গমোছা পিন্ধােৱাৰ ৰাজনীতি কৰে৷ এই দল সমুহে অকল সংখ্যালঘু ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে৷ সংখ্যলঘু ৰাইজৰ সমস্যাৰ কথা চিন্তা নকৰে সেয়েহে আমি আমছুৰ পৰা দুই চাৰি দিনৰ ভিতৰত বি টি চিৰ প্ৰতিটো ৰাজনৈতিক দলক স্মাৰকপত্ৰ প্ৰদান কৰিম। এই সম্পৰ্কত দল সমুহৰ পৰা কেনে ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰাে তাৰ ওপৰত ভিওি কৰি সঠিক সিদ্ধান্ত লম বুলি ঘোষণা কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰে৷ কোকোৰাঝাৰ জিলাৰ গোসাইগাঁও প্ৰেছ ক্লাবত আমছুয়ে এখন সংবাদ মেলৰ আয়োজন কৰি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে স্বাস্থ্যমন্ত্ৰীয়ে কভিড-১৯ ৰ ভয়াবহতাৰভাৱে বি টি চিৰ নিৰ্বাচন স্থগিত ৰাখিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে কিন্তু বি টি চি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত তথা নিৰ্বাচন বাতিল হোৱাৰ পিছত ইয়াত কভিড প্ৰটকল মানি চলা হৈছে নে নাই সেয়া স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে দেখা নাই নেকি বুলি প্ৰশ্ন কৰে৷ স্বাস্থ্য বিভাগে কৰ’ণা প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে বুলিও মন্তব্য কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে৷ বিজেপি দলে শদিয়াৰ পৰা ধুবৰীলৈ মেল মিটিং কৰি আছে গতিকে বিটিচি নিৰ্বাচন স্বাস্থ্য বিভাগে কঠোৰ নিয়ম-নীতি বান্ধি অনুষ্ঠিত কৰিব লাগে। নিৰ্বাচন অনুষ্ঠিত নহোৱাৰ ফলত বিটিচিৰ উন্নয়ন স্থবিৰ হৈ পৰিছে আৰু বিটিচি অৰ্থনৈতিকভাৱে পিছপৰি গৈছে৷ ছাত্ৰ নেতা গৰাকীয়ে আৰু কয় যে বিজেপি চৰকাৰৰ উদ্দেশ্য হৈছে পুঁজিপতিক কেনেকৈ সন্তুষ্ট কৰি ৰাখি সাধাৰণ নাগৰিকক কেনেকৈ মাৰমাধ সোধাব পাৰি৷

বিজেপি চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক শ্ৰেণী আৰু সাধাৰণ ৰাইজৰ কথা চিন্তা কৰি এনেকুৱা সংসদীয় বিল আনিব নালাগে বুলি আহ্বান জনায় আমছুয়ে৷ সংবাদ মেলত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰফিকুল ইছলাম, পশ্চিম কোকোৰাঝাৰ জিলা আমছুৰ সভাপতি মাজাহুৰুল ইছলাম, সম্পাদক ৰেজাৱন আলী উপস্থিত থাকে।