গুৱাহাটী, সংবাদ ৩৬৫, ৩০ এপ্ৰিল : বঙাইগাঁও জিলাৰ পৰা আহিছে বেয়া খবৰ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ যোগে প্ৰকাশ কৰিলে এই বেয়া খবৰ। জিলাখনত বৃহস্পতিবাৰে একেগলে চাৰিজনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। স্বাস্থ্যমন্ত্ৰীয়ে টুইট যোগে সদৰি কৰিলে এই খবৰ।

চীনৰ পৰা আৰম্ভ হোৱা কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস সমগ্ৰ বিশ্বতে অব্যাহত আছে। এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ বিশ্বৰ কেইবাখনো দেশৰ লক্ষাধিক লোক মৃত্যুৰ মুখত পৰিছে। চীন, ইটালী, ফ্ৰান্স, আমেৰিকা আদি দেশৰ পিছত ভাৰততো ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে মাৰাত্মক কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। উল্লেখ্য যে যোৱা ৩১ মাৰ্চত অসমৰ কৰিমগঞ্জ জিলাত পোনপ্ৰথমে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা এজন লোকৰ কথা পোহৰলৈ অহাৰ পিছৰেপৰা ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। বৃহস্পতিবাৰে পুৱাৰ ভাগলৈকে ৰাজ্যত ৩৭ জনকৈ লোক মাৰাত্মক কৰ’ণা ভাইৰাছত আক্রান্ত আছিল যদিও দুপৰীয়া ভাগত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এক চিন্তনীয় খবৰ প্ৰকাশ কৰে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে জনাই যে বঙাইগাঁও জিলাত বৃহস্পতিবাৰে একেলগে চাৰিজনকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। বৰ্তমান ৰাজ্যত কৰ’ণা আক্রান্ত লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি হৈছে বুলিও টুইট প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে, ৰাজ্যত কৰ’ণা ভাইৰাছত আক্রান্ত এই ৪১ জন লোকৰ ভিতৰত বৰ্তমান ১১ জন লোকহে চিকিৎসাধীন হৈ আছে। ২৯ গৰাকী কৰ’ণা ভাইৰাছ আক্রান্ত লোকক সুস্থ হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা যাবলৈ দিছা হৈছে। কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ বর্তমান সময়লৈকে ৰাজ্যত এজন লোকৰ মৃত্যু ঘটিছে।