বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ ৰাখালডুবিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা চোৰাং কাঠ কঢ়িওৱা টাটা মোবাইল এখন দুৰ্ঘটনাগ্ৰস্থ হয়। জানিব পৰা মতে চিৰাংৰ ফলৰ পৰা আহি থকা এছ-২৬চি-০২১১ নম্বৰৰ টাটা মোবাইল গাড়ীখনৰ চকা ফুটি যোৱাত গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাতিত বাগৰি পৰে। টিৰ্পালেৰে চোৰাং কাঠ ঢাকি ৰখা টাটা মোবাইলখনৰ চালক আৰু আৰোহীয়ে দুৰ্ঘটনাত পতিত গাড়ীখন ক্ৰেনেৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰোঁতে টিৰ্পালখন খুলি যোৱাত স্থানীয় ৰাইজে টাটামোবাইল খনত বহুমূল্যবান গছৰ কুন্দা প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে। গাড়ীখনৰ পৰা চোৰাং কাঠ ওলাই পৰাত গাড়ীখনৰ চালক আৰু আৰোহীজনে ছেগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। দুর্ঘটনাস্থলীত বঙাইগাঁও বন বিভাগৰ এটা দল উপস্থিত হৈ টাটা মোবাইলখনৰ লগতে লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠখিনি জব্দ কৰে। বন বিভাগৰ নিৰ্বিকাৰ ভূমিকাৰ বাবেই একাংশ চোৰাং কাঠ ব্যৱসায়ী উক্ত পথেৰে প্ৰায়েই অবৈধ ভাৱে কাঠ সৰবৰাহ কৰিবলৈ সাহস পাইছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।