টীয়ক, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ যোৰহাট জিলাৰ টীয়কৰ মেলেং গায়ন গাঁৱত বৃহস্পতিবাৰে পুৱা এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয়। দীৰ্ঘ দিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই থকা নাহৰফুটুকী বাঘটোক বন্দী কৰিবলৈ বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত কেইবাদিন ধৰি চেষ্টা চলাই আছিল। গৰু ছাগলী নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰা এই বাঘটোক ফান্দত পেলাবলৈ বন বিভাগৰ সহযোগত স্থানীয় ৰাইজে কিছুদিন পূৰ্বে অঞ্চলটোত এটা পিঞ্জৰা পাতিছিল। ৰাইজ তথা বনবিভাগৰ প্ৰচেষ্টাত অৱশেষত বৃহস্পতিবাৰে পুৱা প্ৰকাণ্ড নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হোৱাত নাহৰফুটুকী বাঘটো চাবলৈ মেলেং গায়ন গাঁৱত যথেষ্ট লোকৰ সমাগম হয়। নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সন্তোষ্টি প্ৰকাশ কৰিছে যদিও অঞ্চলটোত আৰু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।