গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জানুৱাৰীঃ  মঙ্গলবাৰে পুৱাৰ ভাগত মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটত সংঘটিত হয় এক অগ্নিকাণ্ড। সোনাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এএছ-০১-এএছ-৯৯৯৩ নম্বৰৰ এখন খেৰ ভৰ্তি ট্ৰাক হঠাত যোৰাবাটৰ ৰাজপথৰ ওপৰত জ্বলি উঠে। চলন্ত ট্ৰাকত অগ্নিকাণ্ডৰ খবৰ পাই যোৰাবাট আৰক্ষী আৰু সোনাপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও সম্পূৰ্ণৰূপে জুইত জাহ যায় ট্ৰাকখনত থকা খেৰ । জুইৰ কাৰণ জানিব পৰা হোৱা নাই যদিও শোভাগ্যক্ৰমে ৰক্ষা পৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।