ছয়গাঁও

১০ আগষ্ট

দক্ষিণ কামৰূপৰ বৰটাৰীৰ কল খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা। বিগত দুমাহত আহ তিনিটাকৈ বানপানীয়ে বিনষ্ট কৰিলে তিনি হেজাৰ বিঘা ভূমিৰ মালভোগ কলৰ খেতি। চৰকাৰ তথা কৃষি বিভাগে খবৰ লৈছে নে কল খেতিয়ক সকলৰ?

কৰ’ণা মহামাৰীৰ বাবে পাঁচ মহীয়া লক ডাউনৰ ফলত সৰ্বত্ৰে জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ৷ বিশেষকৈ খাটিখোৱা লোক সকলৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিছে লক ডাউনৰ ফলত। কৰ’ণা মহামাৰীৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ অবস্থা একেবাৰে শোচনীয় হৈ পৰাত ভূতৰ ওপৰত দানহ পৰাদি তিনিবাৰকৈ অহা বানপানীয়ে সৰ্বস্বান্ত কৰিলে বহু লোকক৷ বানপানীয়ে ঠান বান কৰি দিলে বহু কৃষকৰ সপোন৷ বিশেষকৈ দক্ষিণ কামৰূপৰ বৰটাৰী গাঁৱৰ শ শ কল খেতিয়কক এইবাৰ কৰ’ণা মহামাৰী আৰু বানপানীয়ে বাৰুকৈয়ে ৰাম টাঙোন শোধালে৷ বৃহত্তৰ গাঁওখনৰ কল খেতিয়ক সকলে এইবাৰ লক ডাউনৰ বাবে কল বিক্ৰী কৰিব নোৱাৰাৰ ফলত বাগানতে কল পকি সৰি যোৱাৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। লক ডাউন শিঠিল হোৱাৰ পিছত কল বিক্ৰী আৰম্ভ হোৱাত কৃষক সকলৰ মুখলৈ হাঁহি আহিছিল যদিও তিনিটাকৈ বানপানীয়ে কল খেতিয়ক সকলৰ মুখৰ হাঁহি কাঢ়ি নিয়াই নহয় কৃষক সকলৰ জীৱনলৈ আনিলে চৰম অনিশ্চয়তা।

উল্লেখযোগ্য যে বৰটাৰী গাঁৱৰ শ শ কৃষকে ব্ৰহ্মপুত্ৰৰ চাপৰিত কেইবা হেজাৰ বিঘা মাটিত মালভোগ কলৰ খেতি কৰি এক কৃষি বিপ্লৱৰ সূচনা কৰিছিল৷ এই কল ব্যবসায়ৰ জৰিয়তে বহু নিবনুৱা যুৱকে সংস্থাপন লাভ কৰাৰ লগতে বহু লোকে পৰিয়াল পোহপাল দি আহিছিল কিন্ত এইবাৰ কৰ’ণা মহামাৰীৰ ফলত যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে শেহতীয়াকৈ অহা তিনিটাকৈ বানপানীত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত কল গছ বোৰ বুৰ যোৱাত কল গছবোৰ মৰহি যাবলৈ ধৰিছে৷ কৃষকসকলে জনোৱামতে পানীৰ তলত কিছুদিন বুৰ গৈ থাকিলেও সাধাৰণতে কলবোৰ মৰহি নাযায় যদিও এইবাৰ একেলেথাৰিয়ে অহা তিনিটাকৈ বানপানীত বহুদিন ধৰি কল গছবোৰ পানীত বুৰ গৈ থকাত কল গছবোৰৰ পানী শুকুওৱাৰ পিছত মৰি যাবলৈ ধৰিছে৷ বৰ্তমান প্ৰায় তিনি হেজাৰমান বিঘা মাটিৰ কল গছবোৰ মৰহি গৈ মাটিত পৰি গৈছে৷ ফলত এইবাৰ কলৰ উৎপাদন প্ৰায় বন্ধ হৈ পৰিছে। উক্ত মাটি সমূহত আৰু নতুনকৈ কল গছ ৰোপণ কৰি উৎপাদন কৰালৈকে বহুখিনি কষ্ট আৰু ধনৰ প্ৰয়োজন হ’ব।

লক ডাউনৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হোৱা কল খেতিয়ক সকলৰ নতুনকৈ কলৰ খেতি কৰিবলৈ হাতত এতিয়া আৰু ধন নাই৷ সেয়েহে চৰকাৰ তথা কৃষি বিভাগক এই সকল কল খেতিয়কৰ বিষয়ে অলপ ভাবিবলৈ তথা সহায়-সাহায্য আগবঢ়াবলৈ কৃষক সকলে চৰকাৰ তথা কৃষি বিভাগক অনুৰোধ জনাইছে৷ উল্লেখযোগ্য যে বানপানীত জুৰুলা হোৱা তথা কলগছ বোৰ মৰহি যোৱাৰ পিচত হতাশ হৈ পৰা বৰটাৰী গাঁৱৰ এই সকল কল খেতিয়কৰ খবৰ ল’বলৈ আজিলৈকে জনপ্ৰতিনিধি বা চৰকাৰী বিভাগৰ সময় নহ’ল। ৰাজ্যৰ কৃষি মন্ত্ৰীয়ে কৃষি বিভাগক এক চমক দিব বিচাৰি বেণ্ড এম্বেছাদৰ হিচাপে কন্ঠ শিল্পী জুবিন গাৰ্গক নিযুক্ত কৰিছে যদিও কৃষকৰ প্ৰকৃত সমস্যাৰ সমাধান কৰাৰ বাবে যে একো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া বৰটাৰীৰ কল ব্যবসায়ী সকলৰ দুদৰ্শাই জল জল পট পটকৈ প্ৰমাণ কৰি দেখুবাইছে।