বঙাইগাঁও, সংবাদ ৩৬৫, ২ মে’ : কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত ববিতা বাছফৰৰ ভগ্নী টিটলী বাছফৰক কেন্দ্ৰ কৰি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ হৰিজন ক’লনীত আতংকময় পৰিবেশ। প্ৰশাসনে ক’লনি ছীল কৰাৰ পিছত সম্প্ৰতি এশ এবুৰি সমস্যাত ভাৰাক্ৰান্ত চাফাই কৰ্মীসকল।

বিশ্বব্যাপী কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকত মাজতে বঙাইগাঁও জিলাৰ অভয়াপুৰীত আতংকৰ অন্য এটা নাম হৈছে ববিতা বাছফৰ আৰু দীপক মল্লিক। জিলাখনত এই দুইগৰাকী লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উঅস্থিতি ধৰা পৰাৰ পিছৰে পৰা দুশ্চিন্তাত সময় অতিবাহিত কৰিব লগা হৈছে অভয়াপুৰীবাসীয়ে। বিগত সময়ছোৱাত এই দুয়োগৰাকী কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত ব্যক্তিয়ে অভয়াপুৰীৰ বিভিন্ন অঞ্চলত চলাচল কৰাৰ পৰিপেক্ষিতত আক্ৰান্তৰ সংস্পৰ্শৰ অহাৰ আশংকাত ভুগিছে বহুজনে। শুকুৰবাৰে মহকুমা প্ৰশাসনে ববিতা বাছফৰে বসবাস কৰা হৰিজন ক’লনী ছীল কৰাৰ পিছতেই অভয়াপুৰীৰ বিভিন্ন ক্ষেত্ৰত চাফাইকৰ্মী হিচাবে কৰ্মৰত লোকসকল সমস্যাত পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ববিতা বাছফৰৰ ভগ্নী টিটলী বাছফৰৰ বাসগৃহ হৰিজন ক’লনিত হোৱাৰ পৰিপেক্ষিতত ববিতা বাছফৰৰ প্ৰায়ে অহাযোৱা আছিল টিটলী বাছফৰৰ বাসগৃহত। আনহাতে, কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত দীপক মল্লিকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ কন্টেক্ট হিষ্ট্ৰী প্ৰকাশ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহন কৰাৰ উপৰিও দীপকৰ সংস্পৰ্শত অহাৰ সন্দেহত প্ৰশাসনে ইতিমধ্যে দীপকৰ পৰিয়ালৰ ১১ জনকৈ লোকক বঙাইগাঁৱত কোৱাৰেন্টাইনৰ বাবে প্ৰেৰণ কৰাৰ উপৰিও আমগুৰী ২য় খণ্ডৰ ৩৫ গৰাকীকৈ লোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, জিলাখনত এটা দিনতে চাৰি গৰাকীকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছৰে পৰা অভয়াপুৰীত এক নিমাওমাও পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। অভয়াপুৰী চহৰখনৰ লগতে সমগ্ৰ বঙাইগাঁও জিলাৰ কেউদিশে মাথো ভয় আৰু আতংকই বিৰাজ কৰিছে।