গুৱাহাটী, সংবাদ ৩৬৫, ২ মে’ : দক্ষিণ কামৰূপৰ বিজয়নগৰত পিতা-পুত্রৰ বিলৈ। লক ডাউনৰ মাজতে চুলাইৰ বেহা কৰি পিতা-পুত্ৰ ধৰা পৰিল আৰক্ষীৰ হাতত। ৰাজপথত পিতা-পুত্ৰক একেলগে কাণত ধৰি আঁঠু কঢ়ায় থয় আৰক্ষীয়ে।

মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহ এতিয়া ঘৰে ঘৰে আৱদ্ধ। দেশৰজুৰি চলি থকা লক ডাউনৰ বাবে জনতা বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ সমান্তৰালে বহু লোক পৰিছে খাদ্য সংকটত। দুবেলা দুমুঠিৰ বাবে বহু লোকে সংগ্রাম কৰি থকাৰ মাজতে কিন্তু কিছুমানে এৰি দিয়া নাই ধন ঘটাৰ কোনো ধৰণৰ সুযোগ। লক ডাউনক ধন ঘটাৰ সুযোগ হিচাপে ব্যৱহাৰ কৰি বিজয়নগৰত দেখিবলৈ পোৱা গ’ল পিতা-পুত্ৰৰ বিলৈ। দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত উপৰহালী কদমতলৰ গোলক মজুমদাৰ আৰু প্ৰাঞ্জল মজুমদাৰ নামৰ দুই পিতা-পুত্ৰই লক ডাউনৰ মাজতে নিজৰ ঘৰতেই চলাই আহিছিল চুলাই মদৰ বেহা। ঘৰৰ পিছফালে গাতত পুতি গাতৰ ভিতৰত চুলাই মদৰ লুকুৱাই ৰাখি বেহা চলাই আছিল দুয়ো। পিছে শনিবাৰে দিন বেয়া আছিল মদ বেপাৰী পিতা-পুত্ৰৰ। বিজয়নগৰ আৰক্ষীয়ে গাতৰ ভিতৰত চুলাই মদ লুকুৱাই ৰখাৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাই গাতত পুতি থোৱা অৱস্থাত প্ৰায় তিনিশ লিটাৰ চুলাই মদৰ পেকেট উদ্ধাৰ কৰে। আৰক্ষীয়ে পিতা-পুত্ৰৰ দ্বাৰাই মদৰ পেকেটবোৰ বস্তাত ভৰাই ৰাজপথলৈ নি দুয়োকো কানত ধৰাই আঠু কঢ়ায় থৈ দুয়োকো চুলাই মদেৰেই গা ধুৱাই।

আৰক্ষীয়ে পিছত মদৰ পেকেটবোৰ নষ্ট কৰি পিতা-পুত্ৰক ৰেহাই দিয়ে যদিও চুলাই বেপাৰীৰ বিলৈ প্ৰত্যক্ষ কৰে ৰাইজে। উল্লেখ্য যে, দক্ষিণ কামৰূপত লক ডাউনৰ মাজতে বৃদ্ধি পাইছে সুৰাৰ চুলাই মদৰ অবৈধ বেহা। দক্ষিণ কামৰূপৰ কেইবাটাও অঞ্চলত চুলাই মদৰ অবৈধ বেহা চলি থকাৰ বিষয়ে অৱগত হোৱাৰ পিছতো আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰি আছে।