নগাওঁ, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰীঃ এফালে ভাৰতবৰ্ষ উন্নতিৰ জখলা বগাই বিশ্বৰ অন্যান্য আৰ্থিকভাৱে উন্নত দেশবোৰৰ লগত নিজকে স্থাপন কৰিবলৈ সক্ষম হৈছে আৰু আনফালে আৰ্থিকভাৱে দুৰ্বল এচাম লোকে জীৱন যুদ্ধত তিষ্ঠি থাকিবলৈ চলাই গৈছে অজস্ৰ সংগ্ৰাম। দুবেলা দুমুঠিৰ বাবে বিশ্বৰ ভিতৰতে আৰ্থিক ভাৱে উন্নত দেশৰ সপ্তমৰ স্থানত থকা ভাৰতবৰ্ষ এক শ্ৰেণীৰ লোকে কৰিব লগা হৈছে সংগ্ৰাম। কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত ভাৰতবৰ্ষ সামগ্ৰিক ভাৱে সকলো দিশতে উন্নত হৈছে বুলি বিজেপিয়ে যিমানে নিজৰ প্ৰশংসা নকৰক কিয় প্ৰকৃত ছবি কিন্তু বহু বেলেগ। ইয়েৰে এক জলন্ত প্ৰমাণ দেখিবলৈ পোৱা গল বিজেপি শাসিত এইখন অসমতে। এইখন অসমতে দুবেলা দুমুঠিৰ বাবে এটি দৰিদ্ৰ পৰিয়ালে বিক্ৰী কৰিব লগা হল নিজৰ সন্তান। নগাওঁ জিলাত এটি দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত নিজৰ সন্তান বিক্ৰী কৰাৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ জন্মৰ ১ মাহ ১০ দিন পিছতেই নগাওঁ জিলাত বৰপথাৰ মাইচাঙ মাজগাওঁৰ এটি দৰিদ্ৰ পৰিয়ালে নিজৰ কন্যা সন্তানক বিক্ৰী কৰে মাত্ৰ ১৫০০ টকাত৷ জানিব পৰা মতে, তিনি কন্যা সন্তানৰ পিতৃ মাতৃ দীর্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকাত ফলত কাম বন কৰিব নোৱাৰি এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ এসাঁজ ভাতৰ বাবে সংগ্ৰাম কৰা পৰিয়ালটোৰ চিকিৎসাৰ বাবে ধন খৰচ কৰাটো অসম্ভৱ হৈ পৰাত অৱশেষত চিকিৎসা বাবেই ১৫০০ টকাৰ বিনিময়ত নিজৰ কন্যা সন্তানক বিক্ৰী কৰিব লগা হয়৷ নগাওঁ জিলাৰ কামপুৰৰ বুঢাগাঁৱৰ এহাল নিঃসন্তান দম্পতিৰ ওচৰত দৰিদ্ৰ পৰিয়ালটোৱে বিক্ৰী কৰে নিজৰ সন্তানক। সন্তান বিক্ৰী কৰাৰ খবৰ পোহৰলৈ অহাত কোনো লোকে চাইল্ড লাইনক খবৰ দিয়াত আৰক্ষীৰ সহযোগত চাইল্ড লাইনে উদ্ধাৰ কৰে বিক্ৰী হোৱা কন্যা শিশুটোক। নিঃসন্তানৰ দম্পতি হালৰ বাসগৃহত কামপুৰ আৰক্ষী আৰু চাইল্ড লাইনৰ লোক উপস্থিতিত হৈ বিক্ৰী হোৱা কন্যা শিশুটোক উদ্ধাৰ কৰি নিজৰ লগত লৈ যাব বিচৰাত নিঃসন্তান দম্পতিহাল কান্দোনত ভাঙি পৰে৷ অৱশেষত আইন মতে প্ৰয়োজনীয় নথি পত্ৰ যোগাৰ কৰি কন্যা শিশুটোক নিঃসন্তান দম্পতি হালক গতাই দিয়াৰ আশ্বাস দিয়ে চাইল্ড লাইনৰ কৰ্মীয়ে।